এবাৰ ইৰান আক্ৰমণ কৰি চাব পাৰি নেকি? শীৰ্ষ বিষয়াৰ পৰামৰ্শ বিচাৰিলে যুযুৎসু ট্ৰাম্পে

aaa donald-trump-september-23

পৰাজিত হোৱাৰ পিছতো যেন যুদ্ধৰ বাসনাই লগ এৰা দিয়া নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সদ্য পৰাজিত ডোনাল্ড ট্ৰাম্পক।

পৰাজিত হ’লে নতুন ৰাষ্ট্ৰপতি জো বিদেনে কাৰ্যভাৰ গ্ৰহণ নকৰা পৰ্যন্ত ট্ৰাম্পেই আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ আছে। বিদায়ৰ প্ৰাকক্ষণতো ট্ৰাম্পে ইৰানৰ প্ৰতি থকা আখেজ পূৰণ কৰাৰ বাবে ব্যক্ত কৰা ইচ্ছাই এতিয়া সকলো লোককে আচৰিত কৰি তুলিছে।

মাৰ্কিন ৰাষ্ট্ৰপতিৰ আসনত মাত্ৰ কেইটামান দিনলৈকে থকা ট্ৰাম্পে বিদায়ৰ পূৰ্বে ইৰানক এসেকা দি থৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

সেইমৰ্মে কিবা প্ৰকাৰে ইৰান আক্ৰমণ কৰিব পাৰি নেকি সেই বি,য়ত ট্ৰাম্পে তেওঁৰ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ পৰা পৰামৰ্শও বিচাৰিছে।

মাৰ্কিন প্ৰশাসনৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা মতে যোৱা বৃহস্পতিবাৰে হোৱাইট হাউচত আয়োজিত ট্ৰাম্প প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ এখন বৈঠকত ট্ৰাম্পে ইৰান আক্ৰমণ কৰিব পাৰি নেকি সেই বিষয়ত উচ্চ পদস্থ বিষয়াসকলৰ পৰা পৰামৰ্শ বিচাৰে।

ট্ৰম্পৰ প্ৰস্তাৱত একপ্ৰকাৰ জাঁপ মাৰি উঠে উচ্চ পদস্থ বিষয়াসকল।বৈঠকত উপস্থিত থকা উপ-ৰাষ্ট্ৰপতি মাইক পেন্স,নতুন ভাৰপ্ৰাপ্ত প্ৰতিৰক্ষামন্ত্ৰী খ্ৰীষ্ট’ফাৰ মিলাৰ,জয়েণ্ট চীফ অৱ ষ্টাফৰ অধ্যক্ষ মাৰ্ক মিলি আদি ব্যক্তিসকল।

ট্ৰাম্পৰ ইৰান আক্ৰমণৰ পৰিকল্পনাৰ কথা শুনি তেওঁলোক আটাইৰে তালুৱে-জিভাই লগা অৱস্থা।

এনেয়ে ট্ৰাম্পৰ বেয়া দিন চলিছে, তাতে আকৌ ইৰান আক্ৰমণ কৰিলে ট্ৰাম্পৰ অৱস্থা আৰু বেছি বেয়া হ’ব।

এই কথা উপলব্ধি কৰিয়েই উপ-ৰাষ্ট্ৰপতি পেন্সকে ধৰি আন বিষয়াসকলে ট্ৰাম্পক এনে পৰিকল্পনা পৰিত্যাগ কৰিবলৈ পৰামৰ্শ দিয়ে।

ফলত এখন যুদ্ধৰ পৰা ইৰান ৰক্ষা পৰিল। উল্লেখ্য ট্ৰাম্পে ইতিমধ্যে ইৰানৰ সৈতে থকা পাৰমাণৱিক চুক্তি বাতিল কৰিছে, ইৰানৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে।

ইমানৰ পিছতো ট্ৰাম্পে বিদায় বেলাত ইৰান আক্ৰমণ কৰিব বিচৰা কথাই লোকজনৰ যুযুৎসু মনোভাৱক পুনৰ প্ৰকট কৰিলে।