• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ; চিনেটত ভাগ্যপৰীক্ষা হ’ব মাৰ্কিন ৰাষ্ট্ৰপতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2019 4:41 pm
image

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

393
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰপতি হিচাপে ক্ষমতাৰ অপব্যৱহাৰ তথা মাৰ্কিন কংগ্ৰেছৰ কামকাজত বাধা সৃষ্টি কৰাৰ অভিযোগত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গৃহীত হ’ল মহাভিযোগৰ প্ৰস্তাৱ।

বুধবাৰে “হাউছ অফ ৰিপ্ৰেজেন্টেটিভছ’ত ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগৰ সপক্ষে অধিকাংশ সদস্যই ভোটদান কৰে।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত প্ৰথমটো অভিযোগত “হাউছ অফ ৰিপ্ৰেজেন্টেটিভছ’ত মহাভিযোগৰ সপক্ষে ২৩০টা ভোটদানৰ বিপৰীতে বিপক্ষে পৰে ১৯৭টা ভোট।

দ্বিতীয় অভিযোগত মহাভিযোগৰ সপক্ষে ২২৯টা ভোটদানৰ বিপৰীতে বিপক্ষে  ১৯৮টা ভোট পৰে।

অহা জানুৱাৰি মাহৰ প্ৰথমভাগত ট্ৰাম্পে চিনেটত বিচাৰৰ সন্মুখীন হ’ব লাগিব। অৱশ্যে, চিনেটত ৰিপাব্লিকানৰ সংখ্যাগৰিষ্ঠতা থকাৰ বাবে ৰাষ্ট্ৰপতি পদ হেৰুওৱাৰ সম্ভাৱনা কম।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মাৰ্কিন হাউছৰ ন্যায়িক কমিটিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ অনুমোদিত হৈছিল। ইয়াৰ লগতে কংগ্ৰেছৰ কামকাজত বাধা দিয়া দ্বিতীয়টো অভিযোগতো অনুমোদন দিছিল।

মাৰ্কিন কংগ্ৰেছৰ নিম্ন সদন “হাউছ অফ ৰিপ্ৰেজেন্টেটিভছ’ত ডেম’ক্ৰেটিকসকল সংখ্যাগৰিষ্ঠ। সেয়েহে এইখন সদনত যে সহজতেই মহাভিযোগৰ প্ৰস্তাৱ গৃহীত হ’ব সেয়া জানিব পৰা কথাই আছিল।

কিন্তু চিনেটত ৰিপাব্লিকানৰ সংখ্যাগৰিষ্ঠতা থকাত এই মুহূৰ্তত ট্ৰাম্পৰ বাবে পৰিস্থিতি প্ৰতিকূল নোহোৱাৰ সম্ভাৱনাই বেছি।

ইপিনে, বুধবাৰে হাউছৰ অধ্যক্ষ তথা ডেম’ক্ৰেটিক নেত্ৰী নেন্সি পেল’চিলৈকে এখন ছয় পৃষ্ঠাৰ পত্ৰ লিখিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

পত্ৰখনৰ পাতে পাতে ট্ৰাম্পে হাউছৰ ডেম’ক্ৰেট সদস্যসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰিছে। পত্ৰখনত মহাভিযোগ পদ্ধতিক তেওঁ “অভ্যুত্থানৰ চেষ্টা’ আৰু “বিকৃত বিচাৰ’ বুলি অভিহিত কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd