আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্ৰহণ কৰি, বিশ্ববিদ্যালয়খনৰ পৰা কোটি কোটি ডলাৰৰ অনুদান কাঢ়ি লৈ আমেৰিকাৰ ট্ৰেড স্কুলসমূহ প্ৰদানৰ প্ৰদান কৰাৰ ভাবুকি দিছে। ২৬ মে’ত মেম’ৰিয়েল ডে’ৰ ছুটীৰ সময়ত প্ৰেৰণ কৰা বাৰ্তাত ট্ৰাম্পে হাৰ্ভাৰ্ডক যিহুদী বিৰোধী উদাৰ মতাদৰ্শৰ কেন্দ্ৰ বুলি সমালোচনা কৰি হাৰ্ভাৰ্ডৰ পৰা তেওঁ তিনি বিলিয়ন ডলাৰৰ অনুদান কাঢ়ি লোৱা হ’ব বুলি উলেখ কৰিছে। তেওঁ হাৰ্ভাৰ্ড কৰ্তৃপক্ষক বিদেশী ছাত্ৰ-ছাত্ৰীৰ তালিকা দাখিলৰ দাবী জনাই কয়,উগ্ৰ উন্মাদ আৰু দাঙ্গাকাৰীক আমেৰিকাত ঘূৰি আহিবলৈ দিয়া উচিত নহয়। তেওঁ আত্মবিশ্বাসেৰে কয়, “ভয় নকৰিব, চৰকাৰে শেষত জয়ী হ’ব!”
ট্ৰাম্প প্ৰশাসনে যোৱা সপ্তাহত হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত বাধা দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছিল, যদিও শুকুৰবাৰে এগৰাকী ন্যায়াধীশে এই সপ্তাহত শুনানি নোহোৱালৈকে এই নিৰ্দেশ স্থগিত ৰাখিছিল। ট্ৰাম্পে হাৰ্ভাৰ্ডৰ ৯ বিলিয়ন ডলাৰৰ পুঁজিৰ পৰ্যালোচনাৰ ভাবুকিৰ লগতে ২.২ বিলিয়ন ডলাৰৰ অনুদান আৰু ৬ কোটি ডলাৰৰ চৰকাৰী চুক্তি স্থগিত ৰখাৰ কথাও উল্লেখ কৰিছে। ১৬২ জন নোবেল বঁটা বিজয়ীৰ জন্ম দিয়া হাৰ্ভাৰ্ডক ট্ৰাম্পে ৱাশ্বিংটনৰ নিয়ন্ত্ৰণ নাকচ কৰা বুলি তীব্ৰ সমালোচনা কৰিছে।
হাৰ্ভাৰ্ডৰ নামভৰ্তি নীতি আৰু টিউচনৰ মূল উৎসৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণৰ এই প্ৰচেষ্টাই বিশ্ববিদ্যালয়ৰ স্বায়ত্তশাসনৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। আগন্তুক শুনানিয়ে এই সংঘাতৰ দিশ নিৰ্ধাৰণ কৰিব, যাৰ ফলাফল আমেৰিকাৰ শৈক্ষিক পৰিৱেশ আৰু বিদেশী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক প্ৰভাৱিত কৰিব।