• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ক্ষমতা হেৰুৱাৰ ভয়ত আমেৰিকাত জৰুৰী অৱস্থা ঘোষণা কৰিব ট্ৰাম্পে!’, জেমছ ক্লাইব’ৰ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2020 6:05 pm
index
337
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ৩ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন।

আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্বিতীয়বাৰ ৰাষ্ট্ৰপতি হোৱাৰ মানসেৰে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ইতিমধ্যে নিৰ্বাচনৰ ৰণডংকা বজাই ক’ৰ’নাতংকৰ মাজতো নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। তাকেলৈ ৰাষ্ট্ৰপতি ট্ৰাম্পক সমালোচনা কৰি আহিছে বিৰোধী ডেম’ক্ৰেট দলৰ লগতে আমেৰিকান নাগৰিকে।

আনহাতে বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে যে আগন্তুক নিৰ্বাচনত ট্ৰাম্পৰ ৰিপাব্লিকান দল পৰাস্ত হ’ব।

সেয়ে হ’লে দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ মুদা মৰিব ট্ৰাম্পৰ।

ইফালে গাদী হেৰুৱাৰ ভয়ত ট্ৰাম্পে ত্ৰস্তমান হৈ আছে বুলি বিভিন্ন পক্ষৰ লগতে ডেম’ক্ৰেট দলেও দাবী কৰিছে।

সেয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পে শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ নকৰি আমেৰিকাত ক’ৰ’নাতংকৰ আচিলা লৈ জৰুৰী অৱস্থাৰ ঘোষণা কৰিব পাৰে বুলি বিস্ফোৰক দাবী কৰিছে ডেম’ক্ৰেট দলৰ ৰাজনীতিবিদ জেমছ ক্লাইব’ৰ্নে।

দেওবাৰে সংবাদ সংস্থা চিএনএনৰ এক সাক্ষাৎকাৰত ক্লাইব’ৰ্নে অভিযোগ কৰি আৰু কয়, “নৱেম্বৰত নিৰ্বাচনত পৰাস্ত হ’লে ট্ৰাম্পে শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ নকৰিব। তেওঁৰ হোৱাইট হাউছ এৰাৰ কোনো পৰিকল্পনা নাই। আমি ভাবো তেওঁ দেশত নিৰপেক্ষ নিৰ্বাচন হ’বলৈ নিদিব।”

ইয়াৰ পিছতে ক্লাইব’ৰ্নে বিস্ফোৰক মন্তব্য কৰে, “আমাৰ ধাৰণা হয়, ৰাষ্ট্ৰপতি পদটো খামোচি ধৰি থাকিবলৈ ট্ৰাম্পে যিকোনো প্ৰকাৰে দেশত জৰুৰী আৱস্থাৰ ঘোষণা কৰিব পাৰে। তেওঁৰ এই অভিপ্ৰায় যাতে সফল নহয় তাৰবাবে আমেৰিকাৰ নাগৰিকসকল জাগি উঠা প্ৰয়োজন।”

উল্লেখ্য যে আমেৰিকাত ক’ৰ’নাৰ অপ্ৰতিৰোধ্য সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ নিৰ্বাচনত ইমেইল যোগে ভোটদান কৰাৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে।

কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে এই প্ৰস্তাৱ বিৰোধ কৰি কৈছে যে ইমেলেৰে ভোটাৰে ভোটদান কৰিলে ভোট হেক হোৱাৰ সম্ভাৱনা আছে।

বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে নিৰ্বাচন পিছুৱাই দিয়াৰ প্ৰস্তাৱো দিছিল, যিটো প্ৰস্তাৱক বিৰোধী ডেম’ক্ৰেট দলে প্ৰৱল বিৰোধ কৰিছে।

ইফালে ‘mail-in balloting’ হ’লে ৰাষ্ট্ৰপতি ট্ৰাম্প পৰাস্ত হোৱাটো প্ৰায় নিশ্চিত বুলি এই ব্যৱস্থাটোক তীব্ৰ বিৰোধিতা কৰি আহিছে বিৰোধী ডেম’ক্ৰেট দলে দাবী কৰিছে।

Recent News

সুন্দৰী ইউটিউবাৰৰ পিছত এইবাৰ ব্যৱসায়ী; উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ আন এক ‘পাকিস্তানী গুপ্তচৰ’

সুন্দৰী ইউটিউবাৰৰ পিছত এইবাৰ ব্যৱসায়ী; উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ আন এক ‘পাকিস্তানী গুপ্তচৰ’

মহাৰাষ্ট্ৰৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৮ জনৰ মৃত্যু, দিল্লী-কোঝিকোডতো অগ্নিকাণ্ড

মহাৰাষ্ট্ৰৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৮ জনৰ মৃত্যু, দিল্লী-কোঝিকোডতো অগ্নিকাণ্ড

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd