ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি ঘোষণাৰ পিছত দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তক লৈ গৌৰৱ অনুভৱ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইবাৰ তেওঁ দাবী কৰে যে দশক দশক ধৰি চলি থকা কাশ্মীৰ সমস্যা সমাধানৰ বাবেও তেওঁ আগ্ৰহী। কেৱল সেয়াই নহয়, দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ কথাও তেওঁ জনায়।
যুদ্ধবিৰতি চুক্তিৰ এদিন পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ট্ৰুথত লিখিছে, “ভাৰত আৰু পাকিস্তানৰ শক্তিশালী আৰু দৃঢ় নেতৃত্বৰ বাবে মই অত্যন্ত গৌৰৱান্বিত। কাৰণ তেওঁলোকৰ শক্তি, বুদ্ধি আৰু সাহস আছে। দুয়োখন দেশেই উপলব্ধি কৰিছে যে আগ্ৰাসন বন্ধ কৰাৰ সময় আহি পৰিছে। দুয়োপক্ষৰ সাহসী পদক্ষেপ সঁচাকৈয়ে উল্লেখযোগ্য।”
তেওঁ লগতে লিখিছে, “আমেৰিকাই এই ঐতিহাসিক আৰু বীৰত্বপূৰ্ণ সিদ্ধান্ত (যুদ্ধবিৰতি)ত উপনীত হোৱাত সহায় কৰিবলৈ সক্ষম হোৱাত মই গৌৰৱান্বিত। আলোচনা নহ’লেও এই দুখন মহান দেশৰ সৈতে উল্লেখযোগ্যভাৱে বাণিজ্য বৃদ্ধিৰ বাবে মই আগ্ৰহী। দশক দশক পুৰণি কাশ্মীৰ সমস্যাৰ সমাধানো বিচাৰি উলিয়াব পাৰি নেকি তাৰো চেষ্টা কৰিম।”
শনিবাৰেই পাকিস্তান চৰকাৰে ‘শান্তি’ৰ বাৰ্তা প্ৰদান কৰিছিল। পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক ডাৰে কৈছিল যে যদি ভাৰতে পুনৰ আক্ৰমণ নকৰে তেন্তে পাকিস্তানেও তেনে নকৰে। অৱশ্যে তেওঁলোকৰ ওপৰত আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ কৰাৰ অধিকাৰ আছে।
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফেও পূৰ্বৰ মন্তব্যৰ পৰা আঁতৰি আহি যুদ্ধবিৰতিৰ সংকেত দিছিল। তেওঁ কয় যে দুয়োখন দেশৰ মাজত অতি সোনকালে উত্তেজনা কমি যাব বুলি তেওঁ ভাবে। তেনেকুৱাই হয়। শনিবাৰে ভাৰত আৰু পাকিস্তানে আৰু সংঘাতত লিপ্ত নহ’ব বুলি ঘোষণা কৰে।