• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ট্ৰাম্পৰ ডাঙৰ সিদ্ধান্ত : বিপদৰ বিশ্বৰ ১২ লাখ শিশুৰ জীৱন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2025 6:20 pm
641
VIEWS
Share on FacebookShare on Twitter

শাসনলৈ আহিয়েই ইটোৰ পিছত সিদ্ধান্ত ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইবাৰ ট্ৰাম্পৰ আৰু এক ঘোষণাই টোপনি হৰিছে বিশ্ববাসীৰ।

বিশ্বৰ দৰিদ্ৰ দেশসমূহৰ শিশুক টিকাকৰণৰ বাবে কাম কৰা এটা সংস্থা হৈছে ‘গাভি’। বিশ্বৰ দৰিদ্ৰ দেশৰ শিশুসকলৰ টিকাকৰণৰ বাবে গাভিয়ে আমেৰিকাৰ পৰা লাভ কৰি আহিছে বৃহৎ পৰিমাণৰ আৰ্থিক সাহায্য। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ কৰা এক ঘোষণাই বিমোৰত পেলাইছে বিশ্বৰ দৰিদ্ৰ দেশসমূহক। গাভিক এতিয়াৰ পৰা আৰ্থিক সাহায্য প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাম্পে।

দ্য টাইমছৰ এক প্ৰতিবেদনত উল্লেখ কৰা ২৮১ পৃষ্ঠাৰ এখন বিশদ স্প্ৰেডশ্বীটে হাজাৰ হাজাৰ বিদেশী সাহায্যৰ ক্ষেত্ৰত ট্ৰাম্প প্ৰশাসনৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰিছে। ইয়াত উল্লেখ কৰা মতে, গাভিৰ বাবে আমেৰিকাই প্ৰদান কৰা আৰ্থিক সাহাৰ্য বন্ধ কৰিবলৈ ওলাইছে ড’নাল্ড ট্ৰাম্পে।

ট্ৰাম্পৰ নতুন পৰিকল্পনা অনুসৰি, ট্ৰাম্প প্ৰশাসনে মেলেৰিয়া প্ৰতিৰোধৰ বাবে থকা কেইবাটাও আাঁচনিত প্ৰদান কৰা আৰ্থিক সাহায্যৰ হ্ৰাস কৰিব। অৱশ্যে এইচ আই ভি আৰু টি বি নিৰাময়ৰ ক্ষেত্ৰত প্ৰদান কৰি অহা সাহায্যৰ পৰিমাণ অব্যাহত থাকিব।

প্ৰতিবেদন অনুসৰি, বিশ্ব স্বাস্থ্য আৰু মানৱীয় সহায়ৰ ক্ষেত্ৰত আমেৰিকাৰ যি ভূমিকা আছিল তাৰ পৰা এতিয়া আমেৰিকা যথেষ্ট পিছুৱাই যাব।

এনে হাজাৰ হাজাৰ মানৱীৱ পদক্ষেপৰ ভিতৰত প্ৰশাসনে মাত্ৰ ৮৯৮টা প্ৰকল্প সংৰক্ষণ কৰাৰ লগতে ৫,৩৪১টা প্ৰকল্প বন্ধ কৰাৰ পৰিকল্পনা কৰিছে। এই ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহত গুৰুত্বপূৰ্ণ ভেকচিন প্ৰদান কৰা গাভিয়ে আটাইতকৈ বেছি হেৰুৱাবলগীয়া হৈছে।

সংস্থাটোৱে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ পুঁজি কৰ্তনৰ ফলত অহা পাঁচ বছৰত ৭.৫ কোটি শিশুৱে নিয়মীয়া প্ৰতিষেধক পোৱাৰ পৰা বিৰত থাকিব পাৰে। যাৰ ফলত ১২ লাখ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে।

গাভিৰ কাৰ্যবাহী বিষয়া ডাঃ ছানিয়া নিষ্টাৰে কয় যে ট্ৰাম্পৰ এই সিদ্ধান্তই কেৱল উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবেই নহয়, বিশ্ব স্বাস্থ্যৰ সামগ্ৰিক স্থিতিশীলতাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd