পাৰমাণৱিক যুদ্ধৰ ভাবুকিৰ পাছতো ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মৌনতাত বিশ্বজুৰি বৃদ্ধি পাইছে উদ্বিগ্নতা। যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়ান ফেডাৰেচনৰ নিৰাপত্তা পৰিষদৰ উপাধক্ষ্য দিমিত্ৰী মেডভেডেভৰ এক মন্তব্যৰ প্ৰত্যুত্তৰত দুখন পাৰমাণৱিক ছাবমেৰিন ৰাছিয়াৰ দিশে প্ৰেৰণ কৰাৰ ভাবুকি প্ৰদান কৰিছিল। কিন্তু ইয়াৰ প্ৰায় তিনি দিন পাৰ হৈ যোৱাৰ পিছতো, মস্কোৰ পৰা কোনোধৰণৰ চৰকাৰী প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নকৰাত চিন্তাত পৰিছে বিশ্ব ৰাষ্ট্ৰগোষ্ঠী।
প্ৰকাশিত খবৰ অনুসৰি ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বৰ্তমান নিৰাপত্তা পৰিষদৰ উপাধক্ষ্য মেডভেডেভে নিজৰ টেলিগ্ৰাম চেনেলত মন্তব্য কৰিছিল যে, ৰাছিয়াই যদি যুক্তৰাষ্ট্ৰৰ পৰা ভাবুকি পায়, তেন্তে ইয়াৰ উত্তৰ হ’ব “সম্পূৰ্ণ যুদ্ধ”। উত্তৰত ট্ৰাম্পে কয় যে, “তেওঁ ভাবিব নালাগে যে মস্কোত সুৰক্ষিতভাৱে বহি আছে। তেওঁ বিপদজনক এলেকালৈ প্ৰৱেশ কৰিছে।” ইয়াৰ পিছতে মেডভেডেভে তাৰ পিছত পুনৰ উত্তৰ দি স্মৰণ কৰায় ৰাছিয়াৰ “Dead Hand” ব্যৱস্থাৰ কথা, যি এক স্বয়ংক্ৰিয় পাৰমাণৱিক প্ৰতিশোধ ব্যৱস্থা।
ডেড হেণ্ড হৈছে ছোভিয়েট যুগৰ গোপন পৰিকল্পনা। যদি ৰাছিয়াৰ সামৰিক নেতৃত্ব সম্পূৰ্ণ ধ্বংস হয়, তেন্তে ৰিম’ট কণ্ট্ৰ’ল ব্যৱস্থাৰে ৰাছিয়াৰ সকলো পাৰমাণৱিক ক্ষেপণাস্ত্ৰ স্বয়ংক্ৰিয়ভাৱে নিক্ষেপ হ’ব। এটাৰ পিছত এটা কৈ পৃথিৱীৰ ওপৰত পৰিব ধ্বংসাত্মক বোমা।
বিশ্লেষক সকলৰ মতে, ৰাছিয়াৰ এই মৌনতা কৌশলগত। মস্কোৱে “wait and watch” নীতি গ্ৰহণ কৰিছে। ক্ৰেমলিন, বৈদেশিক মন্ত্ৰালয় বা পুটিনে নিজে এতিয়ালৈকে এই সন্দৰ্ভত কোনো বক্তব্য দিয়া নাই। “ট্ৰাম্পৰ এই ভাবুকি মহিলাৰ দৰেই আচৰণ বুলি অভিহিত কৰিছে নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক ৰাছিয়াৰ এজন সামৰিক বিষয়াই।
ট্ৰাম্পৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বোল্টনে এটা টিভি সাক্ষাৎকাৰত মন্তব্য কৰে যে “এজন দায়িত্বশীল ৰাষ্ট্ৰপতিয়ে এনে কথা নকয়। পাৰমাণৱিক নীতি আৰু সেনাৰ কৌশল সামাজিক মাধ্যমৰ ভাষাৰ সৈতে মিল নাখায়।”
বিশ্বৰ মুঠ ১৩,০০০ টাতকৈও অধিক পাৰমাণৱিক বোমাৰ ৮৮% যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ হাতত। ৰাছিয়াৰ ৫,৪৫৯ টা আৰু আমেৰিকাৰ ৫,২৭৭ টা মিছাইল প্ৰস্তুত হৈ আছে। যদিহে সামাজিক মাধ্যমৰ এই উত্তপ্ত তৰ্ক বাস্তৱ সংঘাতলৈ পৰিণত হয়, তেন্তে এক ভয়ংকৰ বিশ্বযুদ্ধৰ সম্ভাৱনা অনস্বীকাৰ্য।