শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি : প্ৰসাদ ল’বলৈ সাজু কপিকুল

IMG-20181005-WA0024

শাৰদীয় দুৰ্গা পূজালৈ ঐতিহাসিক শ্ৰী টুক্ৰেশ্বৰী দেৱালয় সাজু হৈ উঠিছে৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পৰা চাৰি কিলোমিটাৰ আঁতৰত অৱস্থিত বান্দৰৰ ৰজা খ্যাত ঐতিহাসিক শ্ৰী টুক্ৰেশ্বৰী দেৱালয় ৰজা দিনীয়া পৰম্পৰা অনুসৰি অনুষ্ঠিত হব শাৰদীয় দুৰ্গা পূজা৷ দেৱালয় পৰিচালনা সমিতিয়ে ইতিমধ্যে পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷

১৭ শতিকাৰ শেষ ভাগত বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনৰ পৰাই ঐতিহাসিক শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত শাৰদীয়  পূজা অনুষ্ঠিত হৈ আহিছে৷

ৰজা দিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি জাকজমকতাক পৰিহাৰ কৰি মৃন্ময় মূৰ্তি অবিহনে শাৰদীয় পূজা অনুষ্ঠিত হয় এই দেৱালয়ত৷ ঐতিহাসিক এই দেৱালয়খনত পূজাৰ আটাইকেইটা দিনতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত দেৱালয় এক জনসমুদ্ৰত পৰিণত হয়৷ প্ৰবাদমতে সতীৰ দেহৰ দুটা অংগ জিভা আৰু বাওঁ উৰু পৰিছিল এই টুক্ৰেশ্বৰী দেৱালয়ত৷

টুক্ৰেশ্বৰী দেৱালয় বান্দৰৰ ৰজাৰ বাবে বিখ্যাত। জনবিশ্বাসমতে, দেৱালয়খনৰ বান্দৰ সমাজ পৰিচালিত হয় এগৰাকী বান্দৰৰ ৰজাৰ দ্বাৰা৷
বান্দৰ সাধাৰণতে ফলহাৰী হয় যদিও ইয়াৰ বান্দৰ ৰক্তপায়ী৷ মহা নৱমীত দেৱালয় খনত হাহ, পাৰ, ম’হকে ধৰি লক্ষ্য বলি দান দিয়া হয়।

উল্লেখ্য যে মহা নৱমীৰ ম’হ বলিৰ তেজ পান কৰিব টুক্ৰেশ্বৰীৰ কপি কুলে৷ মহা নৱমীৰ এই দিনটোত টুক্ৰেশ্বৰী দেৱালয়ত হাজাৰ হাজৰৰ ভক্তপ্ৰাণ লোকৰে বিৰ দি বাট নোপোৱা অৱস্থা হয়৷
ইফালে জিলাখনৰ বিভিন্ন স্থানৰ লগতে কৃষ্ণাইতো এইবেলা ১৪খন মণ্ডপত অনুষ্ঠিত হব শাৰদীয় দুৰ্গা পূজা৷
দুৰ্গাবাৰী, বাবুপাৰা, কৰ্মকাৰপাৰা, জ্যোতিনগৰ, জাগ্ৰতপাৰা পূজা সমিতি সমূহে ইতিমধ্যে আটকধুনীয়াকৈ মণ্ডপ সমূহ সাজি উলিয়াইছে৷

এই বেলি বৌদ্ধ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা জাগ্ৰতপাৰা পূজা মণ্ডপে দৰ্শকৰ বাবে আৰ্কষণীয় হৈ উঠিছে৷