প্ৰবল ভূমিকম্পই বিধ্বস্ত কৰি যোৱা তুৰস্কত এতিয়া কেৱল মৃত্যুৰ কিৰিলি। ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰা তুৰস্কত নিহতৰ সংখ্যাই ইতিমধ্যে ৪৫ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। ধ্বংসস্তূপত পৰিণত হোৱা দেশখনৰ প্ৰকাশিত ছবিসমূহে শোকবিহ্বল কৰি তুলিছে সমগ্ৰ বিশ্বক।
এনে নিদাৰুণ পৰিস্থিতিৰ মাজতে তুৰস্কৰ এই সংহাৰী ভূমিকম্পই ক্ৰীড়া জগতলৈ আনিছে এক দু-খবৰ। ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী তাৰকা ফুটবলাৰৰ মৃতদেহ। প্ৰিমিয়াৰ লীগৰ আগশাৰীৰ দল চেলছীৰ লগতে নিউকেষ্টলকো এসময়ত প্ৰতিনিধিত্ব কৰা ফুটবলাৰ খ্ৰীষ্টিয়ান আটছুৰ মৃতদেহ উদ্ধাৰ হৈছে ধ্বংসস্তূপৰ মাজত।
বৰ্তমান তুৰস্কৰ ক্লাৱ হাটাইস্পৰৰ খেলুৱৈ আটছু হাটাই চহৰৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল। ভূমিকম্পৰ সময়ত খহি পৰিছিল আটছু বাস কৰা অট্টালিকাটো। ইয়াৰ পিছত যোৱা ১২ দিন ধৰি সন্ধানহীন হৈ আছিল ফুটবলাৰগৰাকী। দীৰ্ঘদিনীয়া অনুসন্ধানৰ অন্তত ঘানাৰ ফুটবলাৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি তেওঁৰ এজেণ্টে নিশ্চিত কৰিছে।
আজি পুৱা এক বিবৃতিত আটছুৰ এজেণ্টে এক বিবৃতি যোগে আটছুৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি নিশ্চিত কৰে। বিবৃতিটোত তেওঁ কয়, “আটছুৰ নিৰ্জীৱ মৃতদেহ ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। বৰ্তমানলৈকে তেওঁৰ আন কিছুমান সামগ্ৰীও ধ্বংসস্তূপৰ তলৰ পৰা উলিয়াই অনা হৈছে। তেওঁৰ ফোনটোও উদ্ধাৰ হৈছে।’
উল্লেখ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত খ্ৰীষ্টিয়ান আটছুৱে তুৰস্কৰ হাটাইস্থিত তুৰ্কীৰ ছুপাৰ লীগ ক্লাব হাটাইস্প’ৰত যোগদান কৰিছিল। প্ৰকাশিত খবৰ অনুসৰি, ভূমিকম্পৰ কেইঘণ্টামান পূৰ্বে আটছুৱে পৰিয়ালক লগ কৰাৰ উদ্দেশ্যে বিমান যোগে দক্ষিণ তুৰস্ক এৰাৰ কথা আছিল।
কিন্তু ৫ ফেব্ৰুৱাৰীৰ ছুপাৰ লীগৰ এখন মেচত দলৰ হৈ বিজয়ী গল স্ক’ৰ পাছত ক্লাবৰ সৈতে সময় কটোৱাৰ ইচ্ছাৰে ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰিছিল আটছুৱে। এতিয়া ফুটবলাৰগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত ফুটবল জগতত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।