• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পছন্দ আপোনাৰ! Twitter-ৰ বিকল্প হিচাপে নতুন এপ Bluesky আনিছে টুইটাৰৰে সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2023 3:17 pm
750
VIEWS
Share on FacebookShare on Twitter

টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চিয়ে অনলাইন মিডিয়া তথা মাইক্ৰ’ব্লগিং চাইট টুইটাৰৰ (Twitter) বিকল্প লৈ আহিছে। এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ নাম হৈছে ‘ব্লুস্কাই’ (Bluesky)।

টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক তথা প্ৰাক্তন শীৰ্ষ কাৰ্যবাহী জেক ডৰ্চিয়ে কয় যে ব্লুস্কাইয়ে ব্যৱহাৰকাৰীসকলক টুইটাৰৰ পৰা পোৱা একেখিনি সুবিধা প্ৰদান কৰিব। এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে স্মাৰ্ট ফোনত এই প্লেটফৰ্ম ব্যৱহাৰ কৰিব পাৰিব।

কিছুদিন পূৰ্বে ব্লুস্কাই মুকলি কৰা হৈছিল আৰু ইতিমধ্যে ২০ হাজাৰতকৈ অধিক সক্ৰিয় ব্যৱহাৰকাৰীয়ে এই ছ’চিয়েল মিডিয়াত অংশগ্ৰহণ কৰিছে বুলি বৃহস্পতিবাৰে আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

লগতে পঢ়ক: উৎক্ষেপণৰ পিছতে অঘটন! হুৰমূৰাই ভাঙি পৰিল মাস্কৰ প্ৰথমখন মহাকাশযান

ব্লু স্কাই মোবাইল এপৰ ৱেবছাইটৰ মতে, অদূৰ ভৱিষ্যতে ‘সামাজিক’ ইণ্টাৰনেটত অভ্যস্ত নেটিজেনসকলে বিভিন্ন প্লেটফৰ্মৰ পৰা অধিক স্বাধীনতাৰ দাবী কৰিব। এই বিষয়টো মনত ৰাখি এই এপটো প্ৰস্তুত কৰা হৈছে।

কোম্পানীটোৱে জনোৱা মতে এই এপটোৰ বিকাশ এতিয়াও চলি আছে আৰু অন্যান্য প্ৰতিযোগী প্লেটফৰ্মৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ আৰু কিছু সময় লাগিব।

ৱেবছাইটটোৰ মতে, এই এপটো কৃত্ৰিম বুদ্ধিমত্তাৰ সকলো প্ৰট’কল অনুসৰি প্ৰস্তুত কৰা হৈছে। ব্লুস্কাইৰ মিছন হৈছে ছ’চিয়েল নেটৱৰ্কিংক নতুন উচ্চতালৈ লৈ যোৱা।

লগতে পঢ়ক: ডমিনিক ৰাবৰ পদত্যাগ, ব্ৰিটেইনৰ নতুন উপ-প্ৰধানমন্ত্ৰী পদত সুনাকৰ ঘনিষ্ঠ অলিভাৰ ডাউডেন

উল্লেখ্য যে ২০০৬ চনত জেক ডৰ্চি, নোয়া গ্লাছ, বিজ ষ্টেইন আৰু ইভান উইলিয়ামছে টুইটাৰ প্ৰতিষ্ঠা কৰিছিল। এই কোম্পানীটোৰ আৰম্ভণিৰে পৰাই জেক আছিল শীৰ্ষ কাৰ্যবাহী। ১৫ বছৰৰ পাছত ২০২১ চনৰ নৱেম্বৰ মাহত টুইটাৰ পৰাগ আগৰৱালাৰ হাতত গতাই দি তেওঁ ওলাই আহে।

বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কে ২০২২ চনৰ এপ্ৰিল মাহত জেক ডৰ্চিয়ে টুইটাৰ এৰি যোৱাৰ কেইমাহমান পিছতে টুইটাৰ ক্ৰয়ৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু, কিছুদিনৰ পাছত তেওঁ নিজৰ মন সলনি কৰি টুইটাৰ কিনাৰ পৰা বিৰত থাকে। তাৰ পিছত ইলন মাস্কে প্ৰায় ছমাহ ধৰি সংগ্ৰাম কৰি ২০২২ চনৰ ২৮ অক্টোবৰত টুইটাৰৰ মালিকীস্বত্ব গ্ৰহণ কৰে।

মাক্সে অধিগ্ৰহম কৰা সময়ত এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ৭৫০০ কৰ্মচাৰী আছিল। মালিকীস্বত্ব লোৱাৰ কিছু সময়ৰ পাছতে মাস্কে টুইটাৰৰ চিইঅ’ পৰাগ আগৰৱালক বৰ্খাস্ত কৰে। তাৰ পিছত গণ ছাটাই আৰম্ভ কৰে। মাত্ৰ এসপ্তাহৰ ভিতৰতে মাস্কে টুইটাৰৰ ৫০ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। এতিয়াও তাত চাকৰিৰ পৰা বৰ্খাস্ত কৰা অব্যাহত আছে।

লগতে পঢ়ক:অশনি সংকেত! থাইলেণ্ডত ভয়াবহ বায়ু প্ৰদূষণ; চিকিৎসালয়ত লাখ লাখ লোক চিকিৎসাধীন

চলিত সপ্তাহত সংস্থাটোৰ কৰ্তৃপক্ষই বিশ্বৰ বিখ্যাত ব্যক্তিসকলৰ টুইটাৰ একাউণ্টৰ পৰা ব্লু টিক আঁতৰাই পেলায়। সেই পৰিস্থিতিত নেটিজেনসকলে নিশ্চিতভাৱে আন প্লেটফৰ্মৰ ফালে মুখ ঘুৰাব। বহু আগতেই সেই প্ৰয়োজনীয়তা বুজি পোৱা জেক ডৰ্চিয়ে ২০১৯ চনৰ পৰা ব্লুস্কাই প্লেটফৰ্ম সৃষ্টিৰ কাম আৰম্ভ কৰিছিল। এই এপটো ক্ৰমে ব্যৱহাৰযোগ্য হৈ উঠিছে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd