Fight in Flight: মধ্য আকাশতে কাজিয়াত লিপ্ত দুই পাইলট; অৱশেষত দুজনেই নিলম্বিত

pilots suspended after fighting in the cockpit বিমানখন তেতিয়া ঠিক মধ্য আকাশত অৱস্থান কৰি আছিল। আৰু সেই সময়তে বিমানখনৰ ককপিটত এটা অদ্ভুত ঘটনা সংঘটিত হয়। এজন পাইলটে আনজন পাইলটৰ নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবে দুয়োৰে মাজত তৰ্কতৰ্কি আৰম্ভ হয়।  শেষত এই কথা কটাকটি গৈ হতাহতিত পৰিণত হয়।

ঘটনাটো ভিয়েনাৰ পৰা পেৰিছলৈ যোৱা এয়াৰ ফ্ৰান্সৰ এখন বিমানত সংঘটিত হৈছিল। ঘটনাটোৰ সন্দৰ্ভত দুয়োজন পাইলটকে নিলম্বিত কৰা হৈছে।

জানিব পৰা গৈছে যে কাজিয়াত লিপ্ত পাইলট দুজনে উৰণীয়া বিমানখনৰ ককপিটত মাৰপিট আৰম্ভ কৰি দিছিল। এজন পাইলটে আনজনৰ ফালে এটা ব্ৰিফকেছ দলিয়াই দিছিল।

পিছত বিমানখনৰ কৰ্মচাৰীসকলে ককপিটত এটা অস্বাভাৱিক শব্দ শুনি ভিতৰত প্ৰৱেশ কৰি আচৰিত হৈ পৰে। বিমানখনৰ এজন ক্ৰু সদস্যই ককপিটত প্ৰৱেশ কৰি পাইলট দুজনৰ কাজিয়া ভাঙে। ক্ৰু সদস্যজন বাকী সময়ৰ বাবে ককপিটত বহি থাকে যাতে পাইলটদুজনে পুনৰ কাজিয়াত লিপ্ত হ’ব নোৱাৰে।

লগতে পঢ়ক: ইৰাকী নেতাৰ ৰাজনীতি ত্যাগ: ৰাষ্ট্ৰপতিৰ প্ৰাসাদত প্ৰতিবাদকাৰী-সমৰ্থকৰ তাণ্ডৱ; দেশজুৰি জাৰি কাৰফিউ

এয়াৰ ফ্ৰান্সৰ এজন মুখপাত্ৰই কয় যে এনে আচৰণ একেবাৰে বাঞ্ছনীয় নহয়। অৱশ্যে পাইলটৰ মাজত হোৱা কাজিয়াৰ বাবে বিমান সেৱা ব্যাহত হোৱা নাছিল। তেওঁলোকৰ কাজিয়া ক্ষিপ্ৰতাৰে বন্ধ কৰা হৈছিল। কিন্তু বহুতে আশংকা কৰে যে পাইলটসকলৰ মাজত এনে আচৰণে এক ডাঙৰ দুৰ্ঘটনা ঘটাব পাৰে।