কাজিৰঙাৰ পৰা ৰাজ্যিক চিৰিয়াখানালৈ অনা হ’ল গঁড় পোৱালি

কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিগত দুটাবছৰ প্ৰতিপালিত হোৱা এহাল গঁড় পোৱালি আজি গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয়। অৱশ্যে গঁড় পোৱালি দুটাৰ আজি এটাক পিঞ্জৰাবদ্ধ কৰাৰ বিপৰীতে আনটোক পিঞ্জৰাবদ্ধ কৰিব নোৱাৰাত এটাকেহে চিৰিয়াখানালৈ অনা হয়।

আনটো গঁড় পোৱালিক কাইলৈ অৰ্থাৎ ১৫ জানুৱাৰিৰ দিনা চিৰিয়াখানালৈ নিয়া হ’ব বুলি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰটোৰ পৰিচালকে জানিবলৈ দিয়ে। আজি বিয়লি পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা গঁড় পোৱালিটোক এখন ট্ৰাকৰ জৰিয়তে চিৰিয়াখানালৈ নিয়া হয়।

এই গঁড় পোৱালি দুটাক ২০১৭ চনৰ বানপানীৰ সময়ত কহঁৰা আৰু বাগৰি বনাঞ্চলৰ পৰা উদ্ধাৰ কৰি পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল। গঁড় পোৱালি দুটাৰ বয়স প্ৰায় দুবছৰ বুলি পশু চিকিৎসকে জনাইছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ২১ জানুৱাৰীত আৰু ১০ ফেব্ৰুৱাৰীতো কেন্দ্ৰটোৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ দুটাকৈ গঁড় পোৱালি প্ৰেৰণ কৰা হৈছিল।