Road Accident কোকৰাঝাৰৰ কচুগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত দুই মটৰচাইকেল আৰোহী, জ্বলিল ট্ৰাক
ফটো: নৰ্থইষ্ট নাও।
Road Accident কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁৱত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।
এই দুৰ্ঘটনাত দুজন মটৰচাইকেল আৰোহী থিতাতে নিহত হয়।
দুৰ্ঘটনাৰ পাছত দাওদাওকৈ জ্বলি উঠিল ১৪ চকীয়া ট্ৰাক।
নিহত মটৰচাইকেল আৰোহী দুজন জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে।
Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমানজন আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?
এতিয়ালৈকে বাতৰিৰ সৱিশেষ লাভ কৰিব পৰা হোৱা নাই যদিও ট্ৰাক আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অনুমান কৰা হৈছে।