NORTHEAST NOW (Assamese)

নাগ্ৰীজুলিৰ খাটাৰবাৰীত মৰ্মান্তিক ঘটনা; পথাৰত কাম কৰিবলৈ যোৱা দুই ভাতৃৰ বজ্ৰপাতত মৃত্যু

September 5, 2021 8:02 am · দীপক কুমাৰ পাঠক
ফটো: নৰ্থইষ্ট নাও।

বাক্সাৰ নাগ্ৰীজুলিৰ খাটাৰবাৰী গাঁওত সংঘটিত হৈছে এক শোকাবাহ ঘটনা।

শনিবাৰে আবেলি প্ৰায় তিনি বজাত পথাৰলৈ কাম কৰিবলৈ যোৱা দুই ভাতৃৰ বজ্ৰপাতৰ ফলত কৰুণ মৃত্যুৰ ঘটনা ঘটিছে।

৫৫ বছৰীয়া কৰ্ণেল বড়ো আৰু তেওঁৰ নিজ ভাতৃ ৪৪ বছৰীয়া স্বগদাৰ বড়োৰ বজ্ৰপাতত মৃত্যু হয়।

দুই ভাতৃয়ে পথাৰত ধান কাটিবলৈ গৈছিল। ধান কাটি থকা অৱস্থাতে বৰষুণ অহাত দুয়ো এডাল বগৰী গছৰ তলত আশ্ৰয় লৈছিল।

তেতিয়াই বজ্ৰপাত হোৱাত দুই ভাতৃৰ কৰুণ মৃত্যু ঘটে।

নাগ্ৰীজুলি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে।

এই মৰ্মান্তিক ঘটনাত গোটেই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Related News