সৰুপেটাত শোকাৱহ ঘটনা,পুখুৰীত গা ধুবলৈ গৈ দুই ভাতৃৰ সলিল সমাধি

এজন আছিল চিকিৎসক, এজন অভিযন্তা

বজালীৰ সৰুপেটাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

পুখুৰীত গা ধুবলৈ গৈ দুজনৰ সলিল সমাধি ঘটিছে।

সলিল সমাধি ঘটা দুই ভাতৃৰ মাজৰে এজন আছিল চিকিৎসক আৰু আনজন অভিযন্তা।

চিকিৎসকগৰাকী হল পাঠশালাৰ কুমাৰেশ দাস, অভিযন্তাগৰাকী সৰুপেটাৰ সুৰজিত তালুকদাৰ
দুয়ো আছিল সম্পৰ্কীয় ভাই-ককাই, পুখুৰীত গা ধুবলৈ গৈ ঘটিল অঘটন।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।

লগে লগে এছডিআৰএফৰ এটা দলে গৈ ঘটনাস্থলীত উপস্থিত আৰু মৃতদেহ দুটা পুখুৰীৰ পৰা উদ্ধাৰ কৰে।

সৰুপেটাৰ ভগৱান তালুকদাৰ পুত্ৰ অভিযন্তা সুৰজিত তালুকদাৰ(২৭) আৰু পাঠশালাৰ চিকিৎসক কুমাৰেশ দাস (২৭) দুয়ো গা ধুবলৈ গৈছিল সুৰজিতৰ ঘৰৰ কাষতে থকা পুখুৰীত ।

ক্ষন্তেক পিছতেই প্ৰতিবেশীয়ে পুখুৰীত দুয়োৰে মৃতদেহ দেখি হুৱাদুৱা লগায় ।

ঘটনাস্থলীত সৰুপেটা আৰক্ষী উপস্থিত হৈ দুয়োৰে মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

কুমাৰেশ দাস সুৰজিত তালুকদাৰৰ পেহীয়েকৰ পুতেক আছিল আৰু যোৱাকালি অৰ্থাৎ শুক্ৰবাৰে কুমাৰেশে সৰুপেটাৰ মোমায়েকৰ ঘৰলৈ আহিছিল ।

উল্লেখ্য যে সুৰজিত তালুকদাৰ কটন বিশ্ববিদ্যালয়ত কৰ্মৰত অভিযন্তা আছিল আৰু কুমাৰেশ দাস পাঠশালাৰ সমীপৱৰ্তী আমদহ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক আছিল ।

দুই মেধাবী তথা অতি অমায়িক ভাই ককাইৰ কৰুণ মৃত্যুত স্বাভাৱিকতে কান্দোনৰ ৰোল উঠিছে সৰুপেটাত ।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।