তলা ওলমিল বিশ্বনাথ চাৰিআলিৰ “ডমিন’জ” আৰু “কে এফ চি”ত , কিন্তু কিয়?

বিশ্বনাথ চাৰিআলি চহৰৰ “ডমিন’জ” আৰু “কে এফ চি” ছীল কৰিলে বিশ্বনাথ চাৰিআলি পৌৰসভাই ৷

পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ আৰু কাৰ্যবাহী বিষয়া দেৱাশিস গোস্বামীৰ নেতৃত্বত চলা অভিযান ছীল দুই প্ৰতিষ্ঠান৷

দুই ব্যৱসায়িক প্ৰতিষ্ঠানত সময় সীমা দিয়া পিছতো ট্ৰেড লাইচেঞ্চ আৰু পাৰ্কিঙৰ সুবিধা নথকাৰ বাবে ডমিন’জ বন্ধ কৰাৰ লগতে কে এফচিত পাৰ্কিঙৰ ব্যৱস্থা নথকাৰ বাবে পৌৰসভাই ছীল কৰি দিয়ে ।

পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত দুই ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব বুলি জানিবলৈ দিয়ে বিষয়া দুগৰাকীয়ে ।