হোজাইত গৰু-ম’হ কঢ়িওৱা দুখন ট্ৰাক জব্দ

Cattle Truck

গৰু ভৰ্তি জব্দ হোৱা ট্ৰাক দুখন।

সমগ্ৰ অসমত সক্ৰিয় হৈ আছে গৰু-মহৰ অবৈধ বেহাৰ চক্ৰ। ডবকা আৰক্ষীয়ে শুকুৰবাৰে ৰাতিপুৱা চলোৱা অভিযানত দুখন গৰু আৰু ম’হ কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা অভিযানত এ এছ ০২ বি চি ২৫০৯ আৰু এ এছ ০১ ই চি ৬০০৭ নম্বৰৰ ট্ৰাক দুখন জব্দ কৰা হয়।

গৰু আৰু ম’হ কেইটা ট্ৰাক দুখনেৰে গুৱাহাটী অভিমুখে লৈ আহি থকা অৱস্থাতে আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত আটক হ’ব লগা হয় চোৰাং গৰু সৰবৰাহকাৰী দুজন।

আটক হোৱা লোক দুজন হৈছে জহুৰ উদ্দিন আৰু আজিম উদ্দিন। ইতিমধ্যে আৰক্ষীয়ে অধিক সোধপোছৰ বাবে দুয়োকে থানাৰ লকআপত ৰাখিছে।

আনহাতে, আৰক্ষীয়ে তালাচী চলাই থকা বুলি দেখিয়েই ট্ৰাক দুখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে।

উল্লেখযোগ্য যে, বৰ্তমান ৰাজ্যত অবৈধ পশু সৰবৰাহৰ লগত বৃহৎ চক্ৰ জড়িত হৈ থকাৰ তথ্য আৰক্ষীৰ হাতত পৰিছে।