NORTHEAST NOW (Assamese)

তামুলপুৰৰ ভোলাঝাৰত অঘটন,পানীত পৰি দুই শিশুৰ মৃত্যু

June 19, 2021 10:05 pm · দীপক কুমাৰ পাঠক
*

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভোলাঝাৰত শনিবাৰে সংঘটিত হয় এক অঘটন।

শনিবাৰে পুখুৰীত পৰি দুই শিশুৰ কৰুণ মৃত্যু ঘটাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ শোকৰ ছাঁ পেলাইছে।

শনিবাৰে পুখুৰীত গা ধুবলৈ গৈ অকাল মৃত্যুক সাৱটিলে দহ বছৰীয়া দিপান্বিতা দেৱী আৰু ছয় বছৰীয়া ভাগ্যশ্ৰী বড়ো নামৰ দুই কন্যা শিশুৱে।

শুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ঔবাৰীৰ মাধৱ শৰ্মাৰ কন্যা দিপান্বিতা দেৱী ভোলাঝাৰৰ মাহীয়েকৰ ঘৰলৈ শনিবাৰে ফুৰিবলৈ আহিছিল।

গা ধুবলৈ বুলি সম্পৰ্কীয় ভগ্নী ভাগ্যশ্ৰীৰ সৈতে দিপান্বিতাই ঘৰৰে পুখুৰীত গা ধুবলৈ নামিছিল।

গা ধুই থকা অৱস্থাত পানীত ডুব গৈ দুই শিশুৱে অকাল মৃত্যুক সাৱটি লয়।

পৰিয়ালৰ লোকে দুই শিশুক পানীৰ পৰা উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে শিশু দুটিক মৃত ঘোষণা কৰে।

দুটিকৈ শিশুৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

পিছত শুৱাগপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল ছেত্ৰী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ শুৱাগপুৰ আৰক্ষী চকীলৈ লৈ আনে।

কাইলৈ দুয়োটি শিশুৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হব।

Related News