• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লিডুৰ অবৈধ ‘ৰেট হোল’ খনিত নিহত দুজন কয়লা খননকাৰী শ্ৰমিক

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
June 9, 2023 10:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ লিডুত অবৈধ ‘ৰেট হোল’ খনিত নিহত হৈছে দুজন কয়লা খননত কাম কৰা শ্ৰমিকৰ।

তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী থানাৰ অন্তৰ্গত মলো পাহাৰ অঞ্চলৰ ৰেট হোল খনিৰ পৰা বুধবাৰে দুজন খনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

লিডুৰ অবৈধ খনিটোত মিথেনৰ দৰে কিছু বিষাক্ত গেছত উশাহ লোৱাৰ ফলত তেওঁলোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

নিহত খনি শ্ৰমিক দুজনৰ ভিতৰত এজন লিডুৰ ইটাখুলি অঞ্চলৰ বাসিন্দা নয়ন ফুকন বুলি জানিব পৰা গৈছে।

সূত্ৰই জনোৱা মতে, তেওঁলোকে লিডুত কয়লাৰ অবৈধ ব্যৱসায় চলোৱা কিটেশ দেৱনাথৰ অধীনত কাম কৰিছিল।

এক সূত্ৰই কয়, ‘ৰেট হোল খনিত এতিয়ালৈকে বহু যুৱকৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই দৰিদ্ৰ শ্ৰেণীৰ আৰু কয়লাৰ অবৈধ ক্ৰয়ৰ সৈতে জড়িত আছিল। কেইমাহমান আগতে লিডু অঞ্চলত ৰেট হোল খনিত মৃত্যু হৈছিল মাকুমৰ এজন যুৱকৰ। প্ৰাঞ্জল মৰাণ নামৰ যুৱকজনৰ মৃতদেহ তিনিমাহৰ অন্তত ৰেট হোল খনিৰ পৰা উদ্ধাৰ কৰা হয়।’

প্ৰাঞ্জল মৰাণৰ বিধৱা পত্নী উৰ্ৱশী মৰাণ (২৪)য়ে কৈছিল, ‘’চলিত বৰ্ষৰ জানুৱাৰী মাহত মই মোৰ স্বামীক অবৈধ ৰেট হোল খননত হেৰুৱাইছিলো যদিও তেওঁলোকে আমাক খবৰ দিয়া নাছিল আৰু গোপনে তেওঁৰ মৃতদেহ কয়লা খনিৰ এলেকাত পুতি থৈছিল। দীৰ্ঘদিনীয়া যুঁজৰ অন্তত ৭ এপ্ৰিলত টিৰাপ কলিয়াৰীৰ ৰেট-হোল খনিৰ পৰা আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। অধিক ধন উপাৰ্জনৰ বাবে প্ৰাঞ্জলে কয়লা খননৰ কামত যোগদান কৰিছিল। কয়লা নিষ্কাশনৰ সময়ত অসমৰ গোৱালপাৰা, নলবাৰীৰ দৰে ঠাইৰ পৰা নিযুক্তি দিয়া বহু কয়লা শ্ৰমিকৰ মৃত্যু হৈছিল যদিও কয়লা মাফিয়াই এনে ঘটনা ঢাকি ৰাখে আৰু পৰিয়ালৰ লোকক খবৰ নিদিয়ে”।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত লিডুৰ এটা অবৈধ “ৰেট হোল” খনিত কমেও তিনিজন শ্ৰমিকৰ মৃত্যু হৈছিল।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু লিডুত অবৈধ ‘ৰেট হোল’ খনি গঢ়ি উঠিছে। কয়লা সৰবৰাহকাৰীয়ে অঞ্চলটোত সংগঠিত ৰেকেট চলায়।

এজন আৰক্ষী বিষয়াই কয়, ‘’ ‘ৰেট হোল’ খনন নিষিদ্ধ, কিন্তু অঞ্চলটোৰ কিছু অংশত এতিয়াও এনে খনি চলি আছে। আমি যেতিয়াই কোনো তথ্য পাওঁ তেতিয়াই এনে খনি উৎখাত কৰো।‘’

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

September 9, 2025 3:56 pm
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

September 9, 2025 3:45 pm
২৮ হাজাৰ কোটি টকাৰ চৰকাৰী ছিকিউৰিটি নিলামৰ ঘোষণা আৰ বি আইৰ

২৮ হাজাৰ কোটি টকাৰ চৰকাৰী ছিকিউৰিটি নিলামৰ ঘোষণা আৰ বি আইৰ

September 9, 2025 3:09 pm
দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

September 9, 2025 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

September 9, 2025 3:56 pm
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

September 9, 2025 3:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd