শ্ৰীভূমি কাৰাগাৰৰ চৌহদৰ ভিতৰত বিশেষভাৱে সক্ষম মহিলা এগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, কনিষ্টবল দুজনে নিশাৰ ভাগত মহিলাগৰাকীক কাৰাগাৰৰ এটা নিৰাপদ স্থানলৈ নি এই নিৰ্যাতনৰ চেষ্টা চলায়। আক্ৰমণৰ মাজতে কৰ্তব্যৰত সহযোগী বিষয়াসকলে দুয়োজন কনিষ্টবলক আটক কৰাত বিপদৰ পৰা হাত সাৰে মহিলা গৰাকী।
ঘটনাৰ পিছত লগে লগে দুয়োজন কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হয়, আৰু আনুষ্ঠানিক তদন্ত আৰম্ভ কৰে। কাৰাগাৰ কৰ্তৃপক্ষই দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এই ঘটনাই সমাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। ৰাজহুৱা আৰু নাগৰিক সমাজৰ সংগঠনসমূহে অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবীৰ লগতে কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থাৰ উন্নতিৰ দাবী জনাইছে। জ্যেষ্ঠ কাৰাগাৰ বিষয়াসকলে এই ঘটনাৰ তীব্ৰ নিন্দা কৰি দোষীসকলক দ্ৰুত ন্যায় প্ৰদানৰ আশ্বাস দিছে।
তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিছে যে গোচৰৰ বিশদ তদন্ত চলি আছে, আৰু অভিযুক্তসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তুলা হৈছে।