আমগুৰি লালিমচিগাত দুদিনীয়াকৈ আয়োজিত ভোগালী উৎসৱৰ সফল সমাপ্তি

Sivasagar Vogali

ফটো : নৰ্থ-ইষ্ট নাও

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উলহ মালহেৰে ভোগালী বিহু পালন কৰা হয়। আমগুৰিৰ লালিমচিগাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভোগালী উৎসৱৰ মঙলবাৰে সফল সমাপ্তি ঘটে। বৃহত্তৰ লালিমচিগা অঞ্চলবাসীয়ে আয়োজন কৰা ভোগালী উৎসৱত এইবাৰ আটক ধুনীয়াকৈ বগীবিল সদৃশ ভেলাঘৰ নিৰ্মাণ কৰিছিল।

মঙলবাৰে পুৱা মেজি জ্বলাই ৰাজ্যৰ অপায় অমংগল দূৰ কৰি শান্তি আৰু উন্নতিৰ হকে অগ্নিৰ সন্মুখত সেৱা জনায় অঞ্চলবাসীয়ে। তাৰ পাছতেই অঞ্চলটোৰ ৰাইজৰ মাজত পিঠাপানা, টেকেলী ভঙা, কলগছ বগোৱা, ৰছী টনা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰে গৌৰীসাগৰৰ বিশিষ্ট ব্যৱসায়ী তথা সাংস্কৃতিক কৰ্মী জিতু দত্তই। উদ্ধোধনী ভাষণত দত্তই কয় যে,  বগীবিল দলঙে যেনেকৈ সমন্বয়ৰ সেতু গঢ়িছে ঠিক তেনেকৈ লালিমচিগা অঞ্চলবাসীয়ে বগীবিল দলং সদৃশ ভেলাঘৰ নিৰ্মাণৰ জৰিয়তে অঞ্চলটোৰ ৰাইজৰ মাজত সমন্বয়ৰ সেতু গঢ়াত সহায় কৰিছে।

বৃহত্তৰ লালিমচিগা ভোগালী বিহু উদযাপন সমিতিক ভূয়সী প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতে অঞ্চলটোত এনে ধৰণৰ সকলো কাৰ্যসূচীত সহায় সহযোগীতা কৰাৰ লগতে উঠি অহা নৱ প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা বিকাশত বা শিক্ষাৰ ক্ষেত্ৰত সদায় সহযোগ আগবঢ়াব বুলি সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক জিতু দত্তই প্ৰতিশ্ৰুতি দিয়ে।

সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী মহেন্দ্ৰ দত্তৰ লগতে স্থানীয় বহুকেইগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰে।