NORTHEAST NOW (Assamese)

শিৱৰাত্ৰিৰ আনন্দৰ মাজতে যোৰহাটত অঘটন: পথ দুৰ্ঘটনাত দুই যুৱক-যুৱতীৰ মৃত্যু

March 1, 2022 8:20 pm · নিৰ্মলেন্দু পাঠক, টীয়ক

মহা শিৱৰাত্ৰিৰ দিনা সমগ্ৰ ৰাজ্যজুৰি আনন্দোল্লাসৰ মাজতে শোকাৱহ পথ দুৰ্ঘটনাই জোঁকাৰি গ’ল পশ্চিম যোৰহাটl

এই ভয়াৱহ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক-যুৱতীl

পশ্চিম যোৰহাটৰ মহবন্ধাৰ চকলাটিংত আজি বিয়লী এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়l

বিপৰীত দিশৰ পৰা আহি থকা এখন স্কুটি আৰু এখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয়l

দুৰ্ঘটনাটোৰ পিছতে ঘটনা সংঘটিত কৰা বাছখন প্ৰত্যক্ষদৰ্শীয়ে ভাঙি চুৰমাৰ কৰেl

আনহাতে এই ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱক-যুৱতী দুজন যোৰহাটৰ খঙীয়া গাঁৱৰ বুলি জানিব পৰা গৈছেl

দুৰ্ঘটনাস্থলী ক্ৰমাৎ উত্তপ্ত হৈ পৰাৰ পিছতে যোৰহাট আৰক্ষীৰ বৃহৎ এক দলসহ অৰ্ধসামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতী নিয়ন্ত্ৰনলৈ আনেl

Related News