গুৱাহাটী পৌৰ নিগমে (জি এম চি) সোমবাৰে বায়’মেডিকেল ৱেষ্ট মেনেজমেন্ট(পেলনীয়া চিকিৎসা সামগ্ৰী ব্যৱস্থাপনা)নিয়ম উলংঘা কৰাৰ বাবে মহানগৰী স্থিত দুখন হাস্পাতলক জৰিমনা বিহিছে।
মহানগৰীৰ সকলো হাস্পাতাল, নাৰ্ছিংহোম, ক্লিনিক আৰু লেবৰটেৰীৰ দ্বাৰা বায়মেডিকেল ৱেষ্টসমূহৰ সুৰক্ষিত বৰ্জন পৰীক্ষা কৰাৰ বাবে জিএমচিয়ে গঠন কৰা এটা দলে এই জৰিমনা বিহিছে।
মহানগৰীৰ ডাষ্টবিনত ব্যৱহৃত পাৰ্ছনেল প্ৰটেক্টিভ ইকুইপমেন্ট (পিপিই) পোৱাৰ কেইবাটাও ঘটনাৰ পাছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জিএমচিৰ যুটীয়া আয়ুক্ত পুলক মহন্তৰ নেতৃত্বত গঠন কৰা দলটোৱে মহানগৰীৰৰ ক্ৰিটিকেল কেয়াৰ হাস্পাতাল, এক্সেল কেয়াৰ হাস্পাতাল, আয়ুৰচুন্দ্ৰা হাস্পাতল আৰু আকাংশা হাস্পাতাল পৰিদৰ্শন কৰে।
পৰিদৰ্শন কালত পোৱা যায় যে ক্ৰিটিকেল কেয়াৰ হাস্পাতালে বায়’মেডিকেল ৱেষ্ট মেনেজমেন্ট নিয়ম ভালদৰে পালন কৰা নাই।
হাস্পাতলখনক ৫০,০০০টকা জৰিমনা বিহা হয়।
দলটোৱে লগতে জানিবলৈ পায় যে হাস্পাতালখনৰ অনুজ্ঞাপত্ৰ নবীকৰণ নোহোৱাৰ লগতে ৱেষ্ট মেনেজমেন্টৰ লগবুকো নাই আৰু হাস্পাতলখনে বায়’মেডিকেল পেলনীয়া সামগ্ৰী আৰু সাধাৰণ পেলনীয়াৰ পৃথকীকৰণৰ কোনো ব্যৱস্থা কৰা নাই।
দলটোৱে লগতে ৱেষ্ট মেনেজমেন্টৰ লগবুক নৰখা আৰু বায়’মেডিকেল পেলনীয়া সামগ্ৰী আৰু সাধাৰণ পেলনীয়াৰ পৃথকীকৰণৰ কোনো ব্যৱস্থা নকৰাৰ বাবে আকাংশা হাস্পাতলকো ৩০,০০০টকা জৰিমনা বিহে।