NORTHEAST NOW (Assamese)

তিনি ঘণ্টীয়া বেজালি চিকিৎসাৰ পিছতে মৃত্যু দুই শিশুৰ

February 16, 2020 6:58 pm · এন ই নাও নিউজ
Updated: February 16, 2020 7:21 pm
ফ'টো, ইন্টাৰনেট

তিনিণ্টীয়া বেজালি চিকিৎসাৰ অন্তত কৰুণভাৱে মৃত্যুক সাৱটি ল’লে দুটি শিশুৱে।

কৰুণ ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ মাদলা জিলাৰ গাজলে থানাৰ অন্তৰ্গত কদমতলী গাঁৱত।

জানিব পৰা মতে গাঁওখনৰ এখন আমবাৰীত খেলি সন্ধিয়া ঘৰলৈ উভতি অহাৰ পিছত চাৰিটাকৈ শিশু হঠাতে অসুস্থ হৈ পৰে। হঠাত শিশুকেইটিৰ মূৰৰ আৰু পেটৰ বিষ আৰম্ভ হয় আৰু লগে লগে বমি কৰিবলৈ ধৰে।

অসুস্থ হৈ পৰা লগে লগে স্থানীয় কবিৰাজৰ দ্বাৰা শিশুকেইটাৰ চিকিৎসা আৰম্ভ কৰা হয়। আমবাৰীখনত থকা অপদেৱতাই খেলি থকা শিশুকেইটিৰ শৰীৰত লম্ভা বুলি স্থানীয় লোকে সন্দেহ কৰাত পৰিয়ালৰ লোকে কবিৰাজৰ দ্বাৰা চিকিৎসা কৰাইছিল বুলি জানিব পৰা গৈছে।

স্থানীয় কবিৰাজে প্ৰায় দুঘণ্টা ধৰি অপদেৱতা খেদিবলৈ চেষ্টা চলোৱাৰ পিছতো সুস্থ হৈ নুঠাত অসুস্থ শিশকেইটিক মাদলা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়লৈ নি থকা পথতে এটি শিশুৰ মৃত্যু ঘটে আৰু আনটো শিশু চিকিৎসালয়ত চিকিৎচাধীন অৱস্থাত মৃত্যু ঘটে। অন্য দুটি শিশু বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু চিকিৎসকে এতিয়া নিৰাপদ বুলি জানিবলৈ দিছে।

‘শিশু দুটিৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰু  তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।’ গাজলে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এইদৰে কয়।

গাজলে বিধান সভা সমষ্টিৰ বিধায়িকা দীপালি বিশ্বাসে এই সন্দৰ্ভত কয় যে ‘অপদেৱতাৰ দ্বাৰা শিশুকেইটা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি কবিৰাজে প্ৰায় ৩ ঘণ্টাৰো অধিক সময় চিকিৎসাৰ কৰাৰ ফলত শিশুকেইটিৰ অৱস্থা বেছি সংকটজনক হৈ পৰে।’

অন্ধবিশ্বাসত আক্ৰান্ত গাঁওবাসীয়ে কৈছে যে কিছু বছৰ পূৰ্বে গাঁওখনত অপদেৱতা প্ৰৱেশ কৰিছে আৰু তেতিয়াৰ পৰা এই অপশিক্তৰ দ্বাৰা কেইবাজনো গঞাৰ মৃত্যু ঘটিছে।অপদেৱতা খেদিবলৈ গাঁওবাসীয়ে চেষ্টা কিৰ থকা বুইলও গাঁওবাসীয়ে জনাইছে।

ইফালে নামপ্ৰকাশত অনিচ্ছুক এগৰাকী চিকিৎসকে কয় যে ‘খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতহে শিশুকেইটি অসুস্থ হৈছিল।’

Related News