ওদালগুৰিত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত দুজন লোক

IMG-20180930-WA0014-750x375-1

প্ৰতিনিধিত্বমূলক ফটো

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভূটিয়াচাং নতুন বস্তিত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকে প্ৰাণ হেৰুৱায়। দেওবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত গাঁৱখনৰ নন্দেশ্বৰ ৰাভা আৰু লোহিত ৰাভা নামৰ দুজন লোক নিহত হয়।

জানিব পৰা মতে দেওবাৰে নিশা ৫ টা বনৰীয়া হাতীৰ এটা জাকে গাঁৱখনত থকা খেতিপথাৰত প্ৰৱেশ কৰাৰ পাছত ৰাইজে হাতীৰ জাকটো খেদিবলৈ ওলাই আহে। হঠাতে, খেদিবলৈ অহা ৰাইজৰ পিনে হাতীৰ জাকটোৱে চোঁচা লৈ আক্ৰমণ কৰাৰ ফলত নন্দেশ্বৰ ৰাভা (৫৫) আৰু লোহিত ৰাভা (৪০) নামৰ লোক দুজন ঘটনাস্থলীতে নিহত হয়।

আনহাতে, ওদালগুৰিৰ ভাৰত-ভুটান সীমান্তৰ গাঁওসমূহত দীৰ্ঘদিন ধৰি অব্যাহত আছে হাতী-মানুহৰ সংঘাত। সীমান্ত এলেকাত বাস কৰা মানুহৰ মাজত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই আহিছে।

যোৱা ২২ অক্টোবৰৰ পুৱতি নিশা প্ৰায় ৪.৩০ বজাত ওদালগুৰিৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বদলাপাৰা চাহ বাগানত বিৰাছমণি বাৰা (৪৮) নামৰ এগৰাকী মহিলা চাহ শ্ৰমিকে  চাহপাত চিঙি থাকোঁতে বনৰীয়া হাতীয়ে তেওঁক গছকি নিৰ্মমভাৱে হত্যা কৰিছিল। নিহত শ্ৰমিকগৰাকীৰ এগৰকী বান্ধৱী (৩৪) বান্ধাইন বাৰাক বনৰীয়া হাতীটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল।

তদুপৰি, ১১ অক্টোবৰৰ নিশা পানেৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ছাগলিঝাৰ (নতুনবস্তি) এলেকাত উত্তম ৰাভা নামৰ লোকজনক হাতীয়ে গচকি নিহত কৰিছিল। ৩-৪ টা বনৰীয়া উদণ্ড হাতীৰ জাক এটাই চুবুৰীয়া গাওঁত সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে নিহত উত্তম ৰাভা আৰু তেওঁৰ বন্ধু এগৰাকীয়ে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ যোৱাত হাতীৰ জাকটোৱে উত্তম ৰাভাক আক্ৰমণ কৰি গছকি নিহত কৰে যদিও তেওঁৰ বন্ধুজন কথমপি পলাই সাৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পূৰ্বে এটা হাতীৰ জাকে অক্টোবৰৰ ৭ তাৰিখৰ নিশা এগৰাকী ১৬ বছৰীয়া কিশোৰী ৰূপালী টপ্পোক গছকি হত্যা কৰিছিল। কিশোৰীজনী ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বাদলিপাৰা টিইৰ বাসিন্দা বৰণবাস টপ্পো আৰু জেছিন্তা টপ্পৰ কন্যা আছিল।

আনহাতে, বিগত বৰ্ষত ওদালগুৰি জিলাত হাতীৰ আক্ৰমণত ১০ জনৰো অধিক লোক নিহত হৈছিল। পিচে, হাতী-মানুহৰ সংঘাত ৰোধ কৰাত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে। বৰ্তমান খেতি চপোৱাৰ সময়ত ধান খাবলৈ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ আক্ৰমণৰ শংকাত নিয়ত দিন কটাবলগীয়া হৈছে গাঁৱবাসীয়ে। ইপিনে জানিব পৰা মতে দেওবাৰৰ ঘটনাতো বনাঞ্চলৰ ভূমিত হৈছে।