NORTHEAST NOW (Assamese)

ট্ৰেইন লাইনত আৰামত বহি আছিল বনৰ দুই সম্ৰাট : যেনেতেনে মালগাড়ী ৰখাই প্ৰাণ বচালে দক্ষ চালকে

August 20, 2024 1:08 pm · এন ই নাও নিউজ
Updated: August 20, 2024 1:19 pm

পুৱাই ৰে’ল লাইনত বহি ৰ’দ পুৱাই আছিল দুটা সিংহই। তেনেতে আহিল এখন মালবাহী ৰে’ল। হঠাৎ সিংহ দেখি ৰে’লৰ গতি হ্ৰাস কৰি কৌশলেৰে ৰ’লখন ৰখাই সিংহ দুটাৰ প্ৰাণ ৰক্ষা কৰে ৰে’ল চালকজনে।

গুজৰাটৰ আমৰেলী জিলাত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে বিগত কেইবছৰমানৰ পৰা পিপিভাৱ বন্দৰ আৰু উত্তৰ গুজৰাটৰ সংযোগী ৰে’লপথত ৰে’ল খুন্দাত বহু সিংহ নিহত হৈছে।

পশ্চিম ৰে’লৱেৰ ভৱনগৰ সংমণ্ডলৰ এক বিবৃতি মতে সোমবাৰে পুৱা প্ৰায় ৫:৩০ বজাত পিপিভাৱ-ৰাজুলা অংশত লোকো পাইলট বিবেক ভাৰ্মা আৰু সহকাৰী চালক ৰাহুল সোলংকিয়ে এখন মালবাহী ৰে’ল চলাই আছিল। হঠাৎ দুজন বনকৰ্মীয়ে ৰঙা চিহ্ন দেখুৱাই দিয়ে।

উল্লেখ্য যে এই বনকৰ্মীসকলে নিশা ৰেল লাইনত টহল দিয়ে যাতে ইফালে সিফালে ঘূৰি ফুৰা সিংহবোৰ বিপদত নপৰে। তেওঁলোকে ৰঙা লাইট দেখুৱাই দিয়াৰ লগে লগে চালকে খৰধৰকৈ ব্ৰেক মাৰি মাল ট্ৰেইনখন ৰখাই দিলে।

বিবৃতি অনুসৰি দুই বনকৰ্মী ভোলাভাই আৰু ভাৰতভাইয়ে মালবাহী ৰে’লৰ চালকক অৱগত কৰে যে লাইনত দুটা সিংহ বহি আছে। সিংহই দুয়োটা লাইন এৰি যোৱাৰ পিছত গ্ৰীণ চিগনেল পোৱাৰ পিছত পুনৰ মালবাহী ৰে’লখন চলাচল কৰিবলৈ ধৰিলে। ৰে’ল বিভাগৰ বিষয়াসকলে মালবাহী ৰে’লৰ চালক দুজনক প্ৰশংসা কৰিছে।

চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ভৱনগৰ সংমণ্ডলৰ ৰে’ল চালকৰ প্ৰচেষ্টাত ৪৪টা সিংহৰ প্ৰাণ ৰক্ষা পৰিছে। জুন মাহত ভৱনগৰ বন্দৰৰ সমীপত কেইবাটাও সিংহ শাৰী পাতি বহি থকা দেখি এজন চালকে ব্ৰেক মাৰিছিল। ইয়াৰ দ্বাৰা ১০টা সিংহৰ প্ৰাণ ৰক্ষা পৰিছিল।

Related News