NORTHEAST NOW (Assamese)

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

July 16, 2025 2:21 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

ঝাৰখণ্ডত পুনৰ সংঘটিত হৈছে ৰক্তপাতৰ ঘটনা। বুধবাৰে পুৱা ঝাৰখণ্ডৰ বোকাৰো জিলাৰ গোমিয়া থানা এলেকাৰ বীৰহৰ্ডাৰ বনাঞ্চলত চি আৰ পি এফ আৰু মাওবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এই ঘটনাত ছহিদ হয় চি আৰ পি এফৰ কোব্ৰা বেটেলিয়নৰ এজন চি আৰ পি এফ জোৱান। একে ঘটনাতে দুজন মাওবাদীও নিহত হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি আজিৰ দিনটোতে পুৱা ৫:৩০ বজাৰ পৰা এই সংঘৰ্ষ আৰম্ভ হয়। মাওবাদীৰ গতিবিধিৰ তথ্য লাভ কৰি নিৰাপত্তা বাহিনী অঞ্চলটোত উপস্থিত হয়। তালাচী অভিযানৰ সময়ত হঠাতে আৰম্ভ হয় বন্দুকৰ যুঁজ।

বোকাৰো ৰেঞ্জৰ আই জি ক্ৰান্তি কুমাৰ গাদিদেশীয়ে এই কথা নিশ্চিত কৰিছে। তেওঁ কয়, “এই এনকাউণ্টাৰত দুজন মাওবাদী নিহত হয়। আমাৰ কোব্ৰা বেটেলিয়নৰ এজন জোৱান ছহিদ হয়।”

ইফালে বোকাৰো জিলাৰ আৰক্ষী অধীক্ষক হৰবিন্দৰ সিঙে কয় যে সংঘৰ্ষৰ পিছত সমগ্ৰ অঞ্চলটোত তালাচী অভিযান চলোৱা হৈছে। অনুমান কৰা হৈছে যে আৰু অধিক মাওবাদীয়ে হয়তো অৰণ্যত আত্মগোপন কৰি আছে।

ইতিমধ্যে কোবৰা বেটেলিয়নকে ধৰি ৰাজ্যৰ আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ বাহিনী মোতায়েন কৰা হৈছে। পূৰ্বৰ তুলনাত বাহিনী বৃদ্ধি কৰা হৈছে।

Related News