গ্লাইডাৰ ভাঙি নৌসেনাৰ দুই বিষয়াৰ মৃত্যু : তদন্তৰ নিৰ্দেশ দক্ষিণ নৌসেনা কামাণ্ডৰ

glider-crash

দেওবাৰে পুৱা কেৰেলাৰ কোচিত গ্লাইডাৰ ভাঙি মৃত্যু ঘটিছে দুগৰাকীকৈ নৌসেনা বিষয়াৰ।

ভাৰতীয় নৌসেনাৰ তৰফৰ পৰা জনোৱা মতে নৌসেনাৰ মৃত বিষয়া দুগৰাকী হৈছে ক্ৰমে লেফ্টেনেন্ট ৰাজীৱ ঝা(৩৯) আৰু নিম্ন খাপৰ বিষয়া(ইলেক্ট্ৰিকেল এয়াৰ) সুনীল কুমাৰ(২৯)।

মৃত বিষয়া ৰাজীৱ ঝাৰ ঘৰ উত্তৰাখণ্ডৰ ডেৰাডুন আৰু সুনীল কুমাৰৰ ঘৰ বিহাৰৰ ভুজ জিলাত বুলি জনাইছে নৌসেনাৰ সূত্ৰই। ঝাই পত্নীসহ দুই সন্তানক ইহ সংসাৰত এৰি গৈছে আৰু কুমাৰ অবিবাহিত আছিল।

নৌসেনাৰ তৰফৰ পৰা জনোৱা অনুসৰি আজি পুৱা ৭ মান বজাত দক্ষিণ নৌসেনাৰ কামাণ্ডৰ নেভেল এয়াৰ ষ্টেশ্যন আইএনএছত ৰুটিনমাফিক প্ৰশিক্ষণ হিচাপে গ্লাইডাৰ উৰণ কৰি আছিল দুয়োগৰাকী নৌসেনাৰ বিষয়াই।

প্ৰশিক্ষণকালীন উৰণ চলি থাকোতে ৭ বাজি ১৫ মিনিটত হঠাতে গ্লাইডাৰখন থপ্পুমপাডি দলঙৰ সমীপত ভাঙি সৰি পৰে।

গ্লাইডাৰ ভাঙি সৰি পৰি আঘাতপ্ৰাপ্ত হোৱা দুই নৌসেনাৰ বিষয়াক চিকিৎসাৰ বাবে ততাতৈয়াকৈ নৌসেনাৰ মাল্টি স্পেচিয়েলিটি হাস্পতাল আইএনএছ সঞ্জীৱনীলৈ নিয়া হৈছিল।

হাস্পতালত কৰ্তব্যৰত চিকিৎসকে নৌসেনাৰ দুয়োগৰাকী বিষয়াকে মৃত বুলি ঘোষণা কৰে।

এতিয়াও গ্লাইডাৰ দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই। সৌসেনাৰ উদ্ধৰ্তন কৰ্তপক্ষ ইতিমধ্যে দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।