NORTHEAST NOW (Assamese)

কাইলৈ ২০০ মিটাৰত একেলগে দৌৰিব ক্ৰমে ৪০০ আৰু ১০০ মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী হিমা দাস আৰু দ্যুতি চান্দে

August 27, 2018 11:11 pm · এন ই নাও নিউজ
হিমা দাস আৰু দুতী চান্দ।

চলিত এছিয়ান গেইমছত ৪০০ মিটাৰত ৰূপ জিনা অসমৰ হিমা দাস আৰু ১০০ মিটাৰত ৰূপ জিনা উৰিষ্যাৰ দুতী চান্দে কাইলৈ একেলগে দৌৰিব মহিলাৰ ২০০ মিটাৰৰ ইভেণ্টত। এছিয়ান গেইমছত কঠিন ইভেণ্টত পদক জিকি দেশক বিৰল গৌৰৱৰ অধিকাৰী কৰা দুয়োগৰাকী উদীয়মান খেলুৱৈৰ ওপৰত কাইলৈ দৃষ্টি থাকিব সমগ্ৰ দেশবাসীৰ।

উল্লেখযোগ্য যে দুয়োগৰাকীয়ে কালি ক্ৰমে ৪০০ মিটাৰ আৰু ১০০ মিটাৰত ৰূপৰ পদক জয় কৰিছিল। আনহাতে দুয়োগৰাকীয়েই নিজৰ নিজৰ ইভেণ্টত ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী।

হিমাই চলিত এছিয়ান গেইমছতে মহিলাৰ ৪০০ মিটাৰ ৫০.৭৯ ছেকেণ্ডত দৌৰি পূৰ্বে নিজৰ নামতে থকা অভিলেখ ভংগ কৰাৰ বিপৰীতে দুতীয়ে ২০১৬ চনত কাজাখাস্তানত হোৱা এক প্ৰতিযোগিতাত ১১.২৪ ছেকেণ্ডত মহিলাৰ ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি থৈছে। ২০০ মিটাৰত হিমাৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় মান হ’ল ২৩.১০ আৰু দুতীৰ ২৩.৮১১ ছেকেণ্ড।

মহিলাৰ ২০০ মিটাৰত সময় মানৰ দিশেদি হিমা গোটেই ৩২গৰাকী প্ৰতিযোগীৰ ভিতৰত দ্বিতীয় স্থানত আছে। প্ৰথম স্থানত আছে চীনৰ ৱেই ৱংলি(Wei Yongli) যাৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় হ’ল ক্ৰমে ২২.৯৭ ছেকেণ্ড।

গতিকে ২০০ মিটাৰত স্বৰ্ণ বা ৰূপ জিকাৰ সম্ভাৱনা পূৰামাত্ৰাই আছে হিমাৰ।

Related News