দিহিং পাটকাই অভৰায়ণ্যত মুকলি কৰি দিয়া হৈছে দিচই সংৰক্ষিত বনাঞ্চলৰ পৰা চলিত বৰ্ষৰ আৰম্ভণিতে উদ্ধাৰ কৰা দুটা অনাথ এছিয়াটিক ক’লা ভালুক (Ursus thibetanus) পোৱালি।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে জনোৱা মতে, পোৱালিকেইটাৰ মাত্ৰ চাৰি আৰু ছয় সপ্তাহ বয়সত এজন স্থানীয় যুৱকে উদ্ধাৰ কৰি যোৰহাট বন সংমণ্ডলৰ অধীনস্থ নকাছাৰী বিট কাৰ্যালয়ত গতাই দিছিল। ইয়াৰ পিছত পোৱালি দুটাক বিশেষ যত্নৰ বাবে কাজিৰঙাৰ চেণ্টাৰ ফৰ ৱাইল্ড লাইফ ৰিহেবিলিটেচন এণ্ড কনজাৰ্ভেচন (চি ডব্লিউ আৰ চি)লৈ স্থানান্তৰ কৰা হৈছিল।
সোণালী ঘোষে কয় যে, “চি ডব্লিউ আৰ চিত পোৱালিকেইটাক চিকিৎসা কৰি ডাঃ ভাস্কৰ চৌধুৰী আৰু তেওঁৰ দলৰ নিবিড় তত্বাৱধানত সৰু স্তন্যপায়ী নাৰ্চাৰীত লালন-পালন কৰা হৈছিল।
তেওঁ আৰু কয় যে চি ডব্লিউ আৰ চিত অনাথ এছিয়াটিক ক’লা ভালুকৰ পোৱালিৰ পুনৰ্বাসন অৰুণাচল প্ৰদেশৰ পাক্কে টাইগাৰ ৰিজাৰ্ভ চেণ্টাৰ ফৰ বিয়াৰ ৰিহেবিলিটেচন এণ্ড কনজাৰ্ভেচন (চিবিআৰচি)ৰ এছিয়াটিক ক’লা ভালুক পুনৰ্বাসন প্ৰট’কল অনুসৰণ কৰা হৈছে।
ঘোষে লগতে কয়, “পুনৰ্বাসন প্ৰক্ৰিয়াটোৱে সঠিক পুষ্টি নিশ্চিত কৰা, প্ৰাকৃতিক আচৰণ বজাই ৰখা, আৰু তেওঁলোকৰ সফল পুনৰ সংযোগৰ সম্ভাৱনা সুৰক্ষিত কৰিবলৈ গুৰুত্ব আৰোপ কৰিছিল।”