কলাইগাঁৱৰ ৰাজাপুখুৰীত ভোটকেন্দ্ৰত আৰক্ষীৰ গুলীচালনাত দুজন গুৰুতৰভাৱে আহত

Firing-1140x570

প্রতিনিধিত্বমূলক ফটো।

বৃহস্পতিবাৰে ভোটগ্ৰহণৰ সন্ধিয়া কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাপুখুৰী পাৰ এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত এদল লোকক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলীচলনা কৰাৰ ঘটনা সংঘটিত হয়।

কলাইগাঁও বিধানসভা সমষ্টিত বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

সংশ্লিষ্ট প্ৰাৰ্থীৰ পুলিং এজেন্টৰ চহী নোহোৱাকৈ ইভিএম বাকচ লৈ যোৱাৰ গুৰুতৰ অভিযোগ তুলি সন্ধিয়া প্ৰায় ৬-৩০ বজাত ভোটকেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰতিবাদী লোকসকলে প’লিং বিষয়াসকলৰ বিৰুদ্ধে দুজন প্ৰাৰ্থীৰ প্ৰতি পক্ষপাতিত্বমূলক ভূমিকা লোৱা বুলি অভিযোগ তোলাৰ লগতে তেওঁলোকে মাত্ৰ উক্ত প্ৰাৰ্থীৰ প’লিং এজেন্টৰহে স্বাক্ষৰ লৈ আনসকলক উপেক্ষা কৰা বুলিও অভিযোগ আনে।

স্থানীয় প্ৰতিবাদী ৰাইজে ভোটকেন্দ্ৰটো ঘেৰাও কৰে আৰু ইভিএমত অধিক ভোট থকাৰ গুৰুতৰ অভিযোগ তোলে।

জিলা সদৰ মঙলদৈৰ পৰা জ্যেষ্ঠ বিষয়াসকল গৈ ঘটনাস্থলীত উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় আৰু আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

‘’আৰক্ষীয়ে গধূলি ৮-১৫ৰ পৰা ৮-৩০ বজাৰ ভিতৰত কেইবা জাঁইয়ো গুলী চলায়,’’-সূত্ৰসমূহে জানিবলৈ দিয়ে।

সূত্ৰসমূহৰ মতে গুলীচালনাৰ ফলত দুজন লোক গুৰুতৰভাৱে আহত হয়।

ফোনযোগে যোগাযোগ কৰাত দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই নৰ্থইষ্ট নাওক জানিবলৈ দিয়ে যে পুৱাই ইভিএমসমূহ স্থাপন কৰাৰ সময়ত বিপিএফৰ প্ৰাৰ্থীগৰাকীৰ প’লিং এজেন্টজন পলমকৈ উপস্থিত হোৱাৰ বাবে তেওঁৰ স্বাক্ষৰ ল’ব পৰা নগ’ল।

দলটোৰ এজেন্টজনে প্ৰক্ৰিয়াটো সামৰণি পৰাৰ সময়ত বিষয়টো তুলি ধৰি হুলস্থুল কৰে।

তেওঁ কয় যে উন্মত্ত লোকসকলে ঘেৰাও কৰাৰ পাছত আৰক্ষীয়ে প্ৰথমতে লাঠীচালনা কৰে আৰু তাৰপাছত ৰাবাৰ বুলেটেৰে গুলী চলায়।

‘’বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন’’ বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।