• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গঢ়ি তুলিছে মগজুৰ দৰে ‘কৃত্ৰিম স্নায়ু নেটৱৰ্ক’ : দুই বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 9, 2024 8:32 am
198
VIEWS
Share on FacebookShare on Twitter

জন হোপফিল্ড আৰু জিঅ’ফ্ৰে হিণ্টন নামৰ দুগৰাকী বিজ্ঞানী লাভ কৰিছে ২০২৪ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা। কৃত্ৰিম স্নায়ু নেটৱৰ্ককে ধৰি মেচিন লাৰ্নিঙৰ মৌলিক আৱিষ্কাৰৰ বাবে এইবাৰৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে বুলি মঙলবাৰে ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে প্ৰকাশ কৰিছে।

হোপফিল্ড আমেৰিকাৰ বাসিন্দা। বৰ্তমান তেওঁ টৰন্টো বিশ্ববিদ্যালয়ত কৰ্মৰত। আৰু হিণ্টন ব্ৰিটিছ-কানাডিয়ান। হোপফিল্ডে আমেৰিকান প্ৰিন্সটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। দুয়োজন বিজ্ঞানীয়ে এইবাৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে।

এই দুজন বিজ্ঞানীয়ে ‘কৃত্ৰিম স্নায়ু নেটৱৰ্ক’ (মগজুৰ স্নায়ুৰ দৰে কাম কৰা মেচিন লাৰ্নিং মডেল) প্ৰস্তুত কৰিছে। ই হৈছে পদাৰ্থ বিজ্ঞান ব্যৱহাৰ কৰি আৱিষ্কাৰ কৰা এক পদ্ধতি, যিয়ে আজিৰ মেচিন লাৰ্নিঙত বৃহৎ প্ৰভাৱ পেলাব পাৰে।

নোবেল কমিটীৰ মতে হোপফিল্ডে ছবি আৰু অন্যান্য তথ্য সংৰক্ষণ কৰিব পৰা এক প্ৰকাৰৰ স্মৃতিশক্তি বিকশিত কৰিছিল।

আনহাতে হিণ্টনে আন এটা পদ্ধতি আৱিষ্কাৰ কৰিছিল। সেই পদ্ধতিটো মুখ চিনাক্তকৰণ বা ভাষা অনুবাদৰ দৰে কামৰ বাবে ব্যৱহাৰ কৰিব পাৰি। বৰ্তমান বিশ্বত ব্যৱহৃত বৃহৎ কৃত্ৰিম স্নায়ু নেটৱৰ্কত এই কথা গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ৰয়েল ছুইডিছ একাডেমীৰ মতে অৱশ্যে কম্পিউটাৰে মানুহৰ দৰে চিন্তা কৰিব নোৱাৰে। কিন্তু স্মৃতিশক্তি আৰু শিক্ষণৰ দৰে কিছুমান কথা মেচিনৰ দ্বাৰা ভালদৰে অনুকৰণ কৰিব পাৰি। এই দুজন বিজ্ঞানীয়ে পদাৰ্থ বিজ্ঞানৰ মৌলিক ধাৰণা আৰু পদ্ধতি ব্যৱহাৰ কৰি এই নতুন পদ্ধতিটো আৱিষ্কাৰ কৰিছিল।

 

উল্লেখ্য যে ১৯০১ চনৰ পৰা ২০২৪ চনলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ১১৮ বাৰ প্ৰদান কৰা হৈছে আৰু মুঠ ২২৫ জন পদাৰ্থবিজ্ঞানীয়ে এই বঁটা লাভ কৰিছে। জন বাৰ্ডিন একমাত্ৰ ব্যক্তি যিয়ে দুবাৰকৈ এই বঁটা লাভ কৰিছে। প্ৰথমবাৰৰ বাবে ১৯৫৬ চনত আৰু দ্বিতীয়বাৰ ১৯৭২ চনত তেওঁ নোবেল বঁটা লাভ কৰে।

Recent News

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd