টুকুৰাত দুটাকৈ ট্ৰেন্সফৰ্মাৰ বিকল : বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ অভিযোগ

index.jpg111

উৎকট গৰমে দহিছে ৰাজ্য৷সঘনাই বিদ্যুত কৰ্তনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজক জ্বলা ক’লা খুৱাইছে বিদ্যুৎ বিভাগে৷

তাৰ মাজতে অকৰ্মণ্য বিদ্যুৎ বিভাগৰ কৰ্ম কাণ্ডত অতিষ্ঠ হৈ পৰিছে কৃষ্ণাইৰ টুকুৰাৰ ৰাইজ৷ ১৫ দিন ধৰি বিকল হৈ থকা দুটাকৈ ট্ৰেন্সফৰ্মাৰ মেৰামতি নকৰাত বিপদত পৰিছে ৰাইজ৷

অনলাইন ক্লাছৰ পৰাও বঞ্চিত বহু ছাত্ৰ-ছাত্ৰী৷

কৃষ্ণাইৰ টুকুৰা বজাৰ, টুকুৰা আৰু হাদী গাঁও৷

এই তিনিখন গাঁও সন্ধিয়া হ’লেই অন্ধকাৰত ডুব যায়৷ যোৱা ১৫ টা দিনে বিকল হৈ আছে দুটাকৈ ট্ৰেন্সফৰ্মাৰ৷

ৰাইজে বাৰম্বাৰ দুধনৈ বিদ্যুৎ উপ সংমণ্ডলক এই বিষয় অৱগত কৰি আছে যদিও কোনো যেন গুৰুত্ব নাই বিভাগটোৱে৷ যাৰ পৰিনাণ ভুগিছে ছাত্ৰ-ছাত্ৰী সকলে৷

কাৰণ ক’ৰ’নাৰ বাবে সকলো শিক্ষানুষ্ঠানে বন্ধ আছে আৰু সকলোয়ে এতিয়া অনলাইন যোগে পাঠদানৰ ব্যৱস্থা কৰিছে৷

তেনে ক্ষেত্ৰত বিদ্যুৎ নহোৱাৰ বাবে মোবাইল/লেপটপসমূহ চাৰ্জ কৰিব নোৱাৰাৰ বাবে বহু ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈছে শিক্ষা গ্ৰহণৰ পৰা৷

ইয়াৰ উপৰিও উৎকট গৰমত উজাগৰি নিশা কটাব ল’গা হৈছে তিনিওখন গাঁৱৰ ৰাইজে৷

নিয়মিতভাৱে বিদ্যুৎ মাচুল প্ৰদান কৰি থকাৰ পিচতো বিভাগীয় কতৃপক্ষৰ হেমাহিৰ বাবে জীয়াতু ভূগিব ল’গা হৈছে ছাত্ৰ-ছাত্ৰীকে ধৰি ৰাইজে৷