লেখাপানীত দুজন আলফা স্বাধীন কেডাৰৰ আত্মসমৰ্পণ

IMG-20191024-WA0059

আত্মসমৰ্পন কৰা আলফা স্বাধীনৰ সদস্য দুজন। ফটো: নৰ্থইষ্ট নাও

নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনত খহনীয়া অব্যাহত আছে।

বৃহস্পতিবাৰে তিনিচুকীয়াৰ জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীত দুজন আলফা (স্বাঃ) কেডাৰে অস্ত্ৰ-শস্ত্ৰ সহ আত্মসমৰ্পণ কৰাৰ কথা জানিব পৰা গৈছে।

আত্মসমৰ্পণকাৰী আলফা সদস্য দুজনক ক্ৰমে বৰডুমচাৰ মিহলিৰিতু গাঁৱৰ লোহিত অসম ওৰফে বিজিত ক্ৰান্তি বৰা আৰু ৰাজগড় টিংখাঙৰ ৰাণা অসম ওৰফে প্ৰাঞ্জল কটকী বুলি চিনাক্ত কৰা হৈছে।

লেখাপানী আৰক্ষী, ২১০কোব্ৰা ৰেজিমেন্ট, ৬৮ চিৰপিএফ, ৯ৰাজ ৰাইফলছ আৰু ২১ পেৰা ফৰ্চৰ যৌথ অভিযানৰ ফলত আলফা সদস্য দুজনে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।

অভিযানকাৰী দলটোৱে আলাফা(স্বাঃ) কেডাৰ দুজনৰ পৰা দুটা MQ81 ৰাইফল, দুটা এ কে চিৰিজৰ মেগজিন সহ ৪০ ৰাউণ্ড সক্ৰিয় গুলী জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে  আসাম ৰাইফল আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত চাংলাঙত আলফা (স্বা:) এজন দুৰ্ধৰ্ষ কেডাৰ আটক কৰা হৈছিল।

আটকাধীন সদস্যজনক ৰূপান্তৰ অসম ওৰফে ডাৱৰ অসম বুলি চিনাক্ত কৰা হৈছিল।

জানিব পৰা মতে ২০১৬ চনত আলফা (স্বা:)ত যোগদান কৰা দুৰ্ধৰ্ষ আলফা সদস্যজন পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ আছিল।

তেওঁৰ পৰা এটা MQ 81 ৰাইফল দুটা মেগজিন আৰু ৪৯ টা সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছিল।