NORTHEAST NOW (Assamese)

শুৱালকুছিত ফাকুৱাৰ মাজতে নিশা অঘটন, ছুৰীকাঘাতত আহত দুই যুৱক

March 20, 2022 12:03 pm · মৃদুল প্ৰীতম ডেকা,হাজো
Updated: March 20, 2022 12:04 pm

শুৱালকুছিত ফাকুৱাৰ মাজতে নিশা অঘটন।

ছুৰীৰ আঘাতত গুৰুতৰভাৱে আহত হ’ল দুজন যুৱক।

ফাকুৱাৰ আনন্দৰ মাজতে ঘটিল এই ঘটনা ।

ঘটনাৰ বিৱৰণি অনুসৰি প্ৰায় ১২ জনীয়া উদণ্ড যুৱকৰ দল এটাই আক্ৰমণ কৰে শুৱালকুছিৰ মানস শৰ্মাসহ দুই যুৱকক ।
শুৱালকুছি আদাবৈ অঞ্চলত সংঘটিত হয় এই ঘটনা ।

আহত যুৱক দুগৰাকী ক্ৰমে মানস শৰ্মা আৰু ধীৰেন ঠাকুৰীয়া।

আহত দুয়োজন যুৱককে নিশাই ভৰ্তি কৰোৱা হয় চিকিৎসালয় ।

ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ঘটমাটোত আহত যুৱকদ্বয়ৰ পৰিয়ালে।

আৰক্ষীয়ে এতিয়ালৈকে আক্ৰমণৰ ঘটনাটোত জৰিত কোনো এজন লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।

সামান্য কথাতে যুৱকৰ দলটোৱে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰাত সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related News