ধেমাজিত ৰে’লে মহটিয়ালে দুই যুৱকক। কামৰূপ এক্সপ্ৰেছৰ খুন্দাত দুই যুৱকৰ মৃত্যু হয়।
ৰে’লৱে’ কৰ্মচাৰীৰ ভুলৰ বাবে দুই যুৱকৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে। পুৱতি নিশা বৰগাঁও ৰে’ল গেটত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।
ৰে’লৰ খুন্দাত অমিত সোণোৱাল আৰু উত্তম সোণোৱাল নামৰ দুজন যুৱকৰ মৃত্যু হয়। মৃত অমিত সোণোৱাল বৰগাঁৱৰ গাঁও প্ৰধান।
ঘটনাস্থলীত জি আৰ পি উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
উৎকট গৰমৰ বাবে দুই যুৱকে নিশা ৰে’ল লাইনত বহি থকাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে।