লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা,
মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ গৰু ৷”
আজি গৰু বিহু। অসমীয়াৰ বাপোতি সাহোন ব’হাগ বিহুৰ পহিলা দিনটোত প্ৰতিজন অসমীয়াই অতিজৰে পৰা লোকবিশ্বাস আৰু পৰম্পৰা ৰক্ষা কৰি আজিৰ দিনটোত প্ৰতিজন চহা অসমীয়াই গৰু বিহু পালন কৰিছে
চ’তৰ সংক্ৰান্তিত কৃষিজীৱী অসমীয়া সমাজে গৰু বিহুৰ দিনা গ্ৰাম্য অঞ্চলত সমূহীয়াকৈ গৰু গা-ধোৱাৰ পৰম্পৰা আছে। সময়ৰ লগে লগে আধুনিকতাৰ প্ৰভাৱত গৰু বিহু পালনৰ পৰিসৰ কমিলেও, চহা কৃষকৰ মাজত ইয়াৰ গুৰুত্ব অপৰিসীম।
উল্লেখ্য যে অসমৰ লোকসংস্কৃতি মূলতঃ কৃষিৰ ওপৰত আধাৰিত। প্ৰকৃতিৰ সৈতে কৃষকৰ নিবিড় সম্পৰ্কৰ জৰিয়তে বিভিন্ন লোকসংস্কৃতিয়ে প্ৰাণ পাই উঠিছে। সময়ৰ সোঁতত আৰু আধুনিকতাৰ প্ৰভাৱত উদযাপনৰ ধৰণত কিছু পৰিৱৰ্তন হ’লেও, ইয়াৰ স্বকীয়তা আৰু মাদকতা অক্ষুণ্ণ আছে।
বহাগ বিহুৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। কৃষকৰ পৰম্পৰা আৰু উদযাপনৰ পদ্ধতি সময়ৰ প্ৰভাৱত কিছু সলনি হ’লেও, বিহুৰ মোহ আজিও একেই, আৰু ভৱিষ্যতেও ই অটুট থাকিব। ঠাইভেদে উদযাপনৰ ভিন্নতা থাকিলেও, প্ৰকৃতিৰ সৈতে সম্পৰ্ক স্থাপনত এই ভিন্নতা কেতিয়াও বাধা হৈ নুঠে। প্ৰাচীন কালৰে পৰা প্ৰাকৃতিক পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি উৎসৱসমূহ গঢ় লৈছিল।
আধুনিকতাৰ প্ৰভাৱত বহু পৰম্পৰা সলনি বা বিলুপ্ত হৈছে। গৰু ধোৱা বা বিহু মৰাৰ দৃশ্যও কমিছে। বিহু মঞ্চমুখী হৈছে। তথাপিও, বিহুৰ স্বকীয়তা জীয়াই ৰখাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব।