গাধই টানিলে ১৮ লাখ টকীয়া বিলাসী গাড়ী; উভতিল শ্ব’ৰুমলৈ, কিন্তু কিয় জানেনে?

ফটো: সংগ্ৰহীত।

এনে ঘটনা কোনোৱে আগতে কেতিয়াবা দেখিছে? ৰাজস্থানৰ উদয়পুৰৰ এজন গাড়ীৰ মালিকে নিজৰ গাড়ীৰ সন্মুখত দুটা গাধক জুটি দিলে। তাৰপিছত গাড়ীখন সেই গাধই টানি লৈ গ’ল। আৰু সন্মুখত বেণ্ডপাৰ্টিৰ শব্দ। এখন চিকচিকিয়া নতুন গাড়ী। এই গাড়ীখন দেখি বহু লোক আকৰ্ষিত হ’ব। কিন্তু তেওঁ কিয় এনে কৰিলে?

বাতৰি অনুসৰি, গাড়ীখনত আচলতে বিভিন্ন খুঁত আছিল। বাৰে বাৰে ষ্টাৰ্ট বন্ধ হৈ যায়। সেইবাবেই তেওঁ তাৰ প্ৰতিবাদত গাড়ীখন এইদৰে গৈ শ্ব’ৰুমত ঘূৰাই দিয়ে।

ইফালে গাধ লৈ গাড়ী টানি অনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ডিলাৰজনে যে অতি দুৰ্বল গ্ৰাহক সেৱা আগবঢ়াইছিল তাকো তেওঁ বুজাই দিলে।

মালিকৰ নাম ৰাজ কুমাৰ। ভিডিঅ’টোত দুটা গাধই টানিছে বিশাল বাহনখন। আন বহুতে গাড়ীখন পিছৰ পৰা ঠেলি দিছে। ইয়াৰ সৈতে বাজিছে বেণ্ড। এক অভিনৱ প্ৰতীকী প্ৰতিবাদ!

উদয়পুৰৰ পৰা ১৭.৫০ লাখ টকাত তেওঁ গাড়ীখন কিনিছিল। কিন্তু নতুন গাড়ী হোৱাৰ পিছতো তেওঁৰ গাড়ীখনৰ বহু সমস্যা দেখা দিয়ে। এনে ঘটনাত তেওঁ অত্যন্ত বিৰক্ত হৈ পৰিল। তেতিয়াই তেওঁ এই ব্যতিক্ৰমী প্ৰতিবাদত নামি পৰে।

১৮ লাখ টকাৰ এখন গাড়ী কিনি তেওঁ বিপাঙত পৰিল। ইয়াৰ পিছত গাধৰে গাড়ীখন টানি নি শ্ব’ৰুমত ঘূৰাই দিলে। তেওঁ দাবী কৰে যে বহুবাৰ চাৰ্ভিচ চেণ্টাৰলৈ গৈছিল যদিও তেওঁলোকে স্থায়ীভাৱে একো নকৰে।

ইপিনে, বাৰে বাৰে তেওঁ গাড়ীৰ ষ্টাৰ্ট বন্ধ হৈ পৰে। তাৰ পিছত কোৱা হয় যে গাড়ীখন চলালে সমস্যাটো সমাধান হ’ব। কিন্তু তথাপিও একো নহ’ল।

বাতৰি অনুসৰি, ৰাজ কুমাৰে জানিবলৈ দিয়ে যে অৱশেষত তেওঁ গাড়ীখন শ্ব’ৰুমত ঘূৰাই দিয়াটোকে ঠিক কৰে। কিন্তু কিয় এনেকুৱা হ’ল?

শ্ব’ৰুমৰ এজন প্ৰতিনিধিয়ে কয় যে গাড়ীখনৰ মালিকে গাড়ীখনত কিছু সালসলনি কৰিছে। ইয়াৰ ফলত বৈদ্যুতিক বিজুতি ঘটিছে। অৱশ্যে সেই সমস্যাৰ সমাধান হ’ব বুলি তেওঁ আশ্বাস দিয়ে। কিন্তু সদ্যহতে গাড়ীখন শ্ব’ৰুমলৈ পঠিওৱা হৈছে। তেওঁ আকৌ এখন নতুন গাড়ী বিচাৰিছে। তেওঁ আৰু সেই গাড়ীখন নিবিচাৰে।