NORTHEAST NOW (Assamese)

অসম অপেছাদাৰী মুষ্টিযুদ্ধ সংস্থাৰ ১০ জনীয়া দলত চামিল ওদালগুৰিৰ কিশোৰী

August 13, 2018 6:03 pm · ছাজিদ খান
Updated: August 13, 2018 7:22 pm

ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি উচ্চতম মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ফুলমণি দৈমাৰীক অসম অপেছাদাৰী মুষ্টিযুদ্ধ সংস্থাৰ ১০ জনীয়া অসম দলটোত চামিল কৰা হৈছে।

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ২ৰ পৰা ৭ তাৰিখলৈকে মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম বিএফআই ছাব-জুনিয়ৰ গাৰ্লছ’ নেশ্যনেল চেম্পিয়নশ্বিপত এই দলটোৱে অসমক প্ৰতিনিধিত্ব কৰিব।

‘মহাৰাষ্ট্ৰ বক্সিং এছোচিয়েশ্যনে’ (MBA) ‘বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়া’ৰ প্ৰথম ছাব-জুনিয়ৰ (১৫ বছৰ অনূৰ্ধ্ব) মহিলা ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব।

ফুলমণিক আজি ওদালগুৰি উচ্চতম মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু বিএফআই ছাব-জুনিয়ৰ গাৰ্লছ’ নেশ্যনেল চেম্পিয়নশ্বিপত বিজয়ী হোৱাটো কামনা কৰিছে।

বৰ্তমান ফুলমণিৰ প্ৰশিক্ষক তথা ওদালগুৰিত অৱস্থিত ধানেশ্বৰ বসুমতাৰী মুষ্টিযুদ্ধ প্ৰশিক্ষণ কেন্দ্ৰৰ (Dhaneswar Basumatary Boxing Training Centre) ধানেশ্বৰ বসুমতাৰীয়ে ফুলমণিক আগন্তুক প্ৰতিযোগিতাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰি আছে।

Related News