‘নিৰ্বাচন আয়োগৰ পিতৃৰ নহয়, শিৱসেনা মোৰ পিতৃৰ দল’; বিজেপিকো তুলাধুনা উদ্ধৱ ঠাকৰেৰ

উদ্ধৱ ঠাকৰে। ফটো: সংগৃহিত।

ভাৰতৰ নিৰ্বাচন আয়োগে শিৱসেনাৰ স্বীকৃতি উদ্ধৱ বাহিনীৰ পৰা নি সিন্দে বাহিনীক হস্তান্তৰ কৰিছে। দেওবাৰে নিৰ্বাচন আয়োগক লক্ষ্য কৰি শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ পুত্ৰ উদ্ধৱ ঠাকৰেই কয়, “শিৱসেনা দলটোক নিৰ্বাচন আয়োগৰ পিতৃয়ে প্ৰতিষ্ঠা কৰা নাছিল, মোৰ পিতৃয়ে কৰিছিল!”

পোনপটীয়াকৈ নক’লেও  স্পষ্ট যে উদ্ধৱে দলটোৰ নামত তেওঁৰ অধিকাৰৰ বিষয়টোকে উত্থাপন কৰিছে। একে সময়তে উদ্ধৱে বিদ্ৰোহী শিৱসেনা নেতা আৰু মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিবিৰক সেই অধিকাৰ দিয়াৰ বাবে আয়োগক সমালোচনা কৰে।

তেওঁ কয়, “নিৰ্বাচন আয়োগ এতিয়া ‘চুনা লগা’ অৰ্থাৎ মূৰ্খ বনোৱা আয়োগলৈ পৰিণত হৈছে। তেওঁলোক এতিয়া কেন্দ্ৰৰ শাসকীয় দলৰ হাতত পুতলা। ই তেওঁলোকক সন্তুষ্ট কৰিবলৈ কাম কৰে।‘’

নিৰ্বাচন আয়োগৰ নিৰ্দেশত শিৱসেনাৰ নাম আৰু প্ৰতীক হেৰুওৱাৰ পিছত উদ্ধৱ ঠাকৰেই দেওবাৰে প্ৰথমখন ৰাজহুৱা সভা সম্বোধন কৰিছিল। তেওঁৰ সভা মহাৰাষ্ট্ৰৰ খেদত অনুষ্ঠিত হৈছিল।

উদ্ধৱে কয়, “আয়োগে যি নীতি অনুসৰণ কৰিছে সেয়া সম্পূৰ্ণ ভুল। আয়োগে শিৱসেনাৰ নাম আৰু প্ৰতীক কাঢ়ি নিব পাৰে। কিন্তু আমাক শিৱসেনাৰ পৰা পৃথক কৰিব নোৱাৰে।‘’

উদ্ধৱে এই সন্দৰ্ভত কেন্দ্ৰৰ শাসকীয় দল তথা ইয়াৰ পুৰণি মিত্ৰজোঁটৰ অংশীদাৰ বিজেপিক সমালোচনাত মুখৰ হয়।

ঠাকৰেই কয়, “বিজেপিৰ কাম হৈছে নিজৰ লাভৰ বাবে ডাঙৰ ডাঙৰ নাম চুৰি কৰা। ইয়াৰ পূৰ্বে তেওঁলোকে চৰ্দাৰ পেটেলৰ নাম আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামো ব্যৱহাৰ কৰিছে। এইবাৰ তেওঁলোকে মহাৰাষ্ট্ৰত বালাচাহেব ঠাকৰেৰ নাম ল’ব বিচাৰিছে। কিন্তু মই তেওঁলোকক কওঁ যে যদি তেওঁলোকে বালাচাহেবৰ ছবি আৰু শিৱসেনাৰ নাম ব্যৱহাৰ নকৰাকৈ জিকিব পাৰে, তেতিয়াহে বুজিম যে তেওঁলোকৰ ক্ষমতা আছে।”