দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত বিশেষজ্ঞ শিক্ষক নিয়োগ কৰাৰ নিৰ্দেশনা UGC ৰ

UGC clears ‘professors of practice’ দেশৰ বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত প্ৰফেছৰ অফ প্ৰেক্টিচ হিচাপে বিভিন্ন বৃত্তিত কাম কৰা বিশিষ্ট ব্যক্তিসকলক নিযুক্তি দিয়াৰ নিৰ্দেশ দিছে।

তদুপৰি, ইউজিচিয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক শিক্ষাৰ্থীসকলে বিচাৰিলে যাতে দুটা পাঠ্যক্ৰমত (একাডেমিক প্ৰ’গ্ৰেম) একেলগে অধ্যয়ন কৰিব পাৰে তাকো নিশ্চিত কৰিবলৈ কৈছে।

ইয়াৰ লগতে শিক্ষাৰ্থীসকলৰ নিযুক্তিৰ উদ্দেশ্যে বৃহৎ তথ্য প্ৰযুক্তি কোম্পানীৰ সৈতে যোগাযোগ কৰি কিছুমান পাঠ্যক্ৰম সৃষ্টি কৰিবলৈও কোৱা হৈছে।

লগতে পঢ়ক: উন্মাদ অনুৰাগী! ফুটবল খেলত দুই পক্ষৰ সমৰ্থকৰ মাজৰ সংঘৰ্ষত নিহত কমেও ১২৯ জন

ফলস্বৰূপে, পিএইচডিৰ দৰে কোনো নিৰ্দিষ্ট আনুষ্ঠানিক অৰ্হতা নাথাকিলেও বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ লোকে এতিয়া মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিকাব পাৰিব।

ইউজিচিৰ নিৰ্দেশনাত কোৱা হৈছে যে বিজ্ঞান, অভিযান্ত্ৰিক, ঔদ্যোগিক ক্ষেত্ৰ, আইন, গণমাধ্যম, সাহিত্য, চাৰু কলা, জনসেৱা, সমাজ বিজ্ঞান আৰু আনকি সেনাৰ বিশেষজ্ঞসকলেও মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিব পাৰিব।

ৰাষ্ট্ৰীয় শিক্ষা নীতিক অনুসৰণ কৰি শিক্ষাৰ্থীসকলক উদ্যোগ আৰু বাস্তৱ জীৱনৰ মাজত সম্পৰ্ক গঢ়ি তোলাই এই পদক্ষেপৰ উদ্দেশ্য বুলি জানিবলৈ দিছে বিশ্ববিদ্যালয় অনুদান আয়োগে।

লগতে পঢ়ক: মন্দিৰৰ পৰা উভতি অহাৰ পথত কানপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; ২৭ জন ভক্তৰ মৃত্যু, আহত ২২জন

কোৱা হৈছে যে এই বৃত্তিধাৰীসকলক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মুঠ শিক্ষক পদৰ ১০ শতাংশত নিযুক্তি দিব পাৰিব। নিয়মীয়া নিযুক্তিৰ উপৰি এইবোৰ অতিৰিক্ত নিযুক্তি হিচাপে গণ্য হ’ব। সৰ্বাধিক তিনি বছৰৰ বাবে এই নিযুক্তিত কোনো প্ৰৱেশ পৰীক্ষা নাথাকিব।

বিশেষ ক্ষেত্ৰত তেওঁলোকৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰিব পাৰে। সংশ্লিষ্ট শিক্ষানুষ্ঠানটোৱে এই শিক্ষকসকলৰ দৰমহাৰ বোজাও বহন কৰিব লাগিব।