সুস্বাস্থ্যৰ বাবে অভিনৱ উপায় গ্ৰহণ কৰি চৰ্চাত যুৱক: কি এই বিশেষ উপায়!

Man Drinks His Own Urine

তীব্ৰ মানসিক চাপত ভূগি আছে নেকি আপুনি? আপোনাৰ শৰীৰ ভাগি পৰিছে নেকি? ভগ্ন স্বাস্থ্যৰ ফলত খুব সোনকালেই বৃদ্ধ হ’বলৈ উলাইছে নেকি আপুনি?

তেন্তে চিন্তা নকৰিব। অতি সহজেই আপোনাৰ দেহ-মন ভাল হৈ যাব। কোনো খৰচো কৰিব নালাগে আপুনি। কেৱল এটা অভ্যাস আৰম্ভ কৰক। প্ৰথমতে অলপ কষ্ট হ’ব, কিন্তু লাহে লাহে সহজ হৈ পৰিব।

আপুনি আপোনাৰ নিজৰ মূত্ৰ পান কৰক। কি?? শুনিবলৈ আচৰিত লাগিলেও ইংলেণ্ডৰ এজন লোকে এই নিদান আগবঢ়াইছে। শেহতীয়াকৈ নিউয়ৰ্ক প’ষ্ট নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সংবাদপত্ৰত প্ৰকাশ পোৱা মতে, হেৰী মাটাদীন নামৰ এই লোকজনে নিতৌ নিজৰ মূত্ৰ পান কৰে।

২০১৬ চনৰ পৰা তেওঁ এই অভ্যাস কৰি আহিছে। হেৰীয়ে দাবী কৰা মতে, নিজৰ মানসিক অশান্তি দূৰ কৰিবলৈ তেওঁ বিভিন্ন উপায় অৱলম্বন কৰিছিল। কিন্তু সফল নহ’ল। শেষত নিজৰ মূত্ৰ পান কৰাৰ পাছৰে পৰা তেওঁৰ মানসিক চাপ আৰু স্বাস্থ্য উভটি আহিছে।

৩৪ বছৰ বয়সীয়া লোকজনে নিজকে ২৪ বছৰীয়া যেন অনুভৱ কৰিছে। এই অভ্যাসক তেওঁ ইউৰিন থেৰাপী নামেৰেও নামাকৰণ কৰিছে। তেওঁ কয় যে যেতিয়া তেওঁ নিজৰ মূত্ৰ পান কৰে, তেতিয়া তেওঁৰ মন-মগজু শান্ত সুস্থিৰ আৰু প্ৰফুল্লিত হৈ পৰে।

প্ৰতিদিনাই তেওঁ ২০০ মিলি লিটাৰ মূত্ৰ পান কৰে। তেওঁ জনোৱা মতে, স্বচ্ছ আৰু নিৰ্ভেজাল এটোপাল মূত্ৰৰ কোনো গোন্ধ আৰু সোৱাদ নাথাকে। কিন্তু সেই নিৰ্ভেজাল মূত্ৰখিনি সাঁচি থলে এটা গোন্ধ আৰু অপূৰ্ব সোৱাদ আহে, যিটো তেওঁৰ বাবে অতি সুমিষ্ট। তেওঁ এইধৰণৰ মূত্ৰকে পান কৰি আহিছে।

কেৱল মূত্ৰ পান কৰাই নহয়, নিজৰ মূত্ৰৰে তেওঁ মুখমণ্ডলো ধোৱা পখলা কৰে। সংবাদ পত্ৰখনত প্ৰকাশ পোৱা মতে, নিজৰ মূত্ৰৰে তেওঁ মুখমণ্ডলত মালিচ দিয়ে। ইয়াৰ ফলত তেওঁ নিজকে দেখাত কম বয়সীয়া যেন হৈ অহা বুলিও অনুভৱ কৰিছে।

শৰীৰৰ ছালৰ কমনীয়তা অটুত ৰখাৰ বাবে নিজৰ মূত্ৰ অত্যন্ত ফলপ্ৰসু বুলি তেওঁ জনায়।

অৱশ্যে নিজৰ মূত্ৰ পান আৰু মইচাজাৰৰ দৰে ব্যৱহাৰ কৰি সুফল পোৱা বুলি অনুভৱ কৰিলেও হেৰীয়ে ইয়াৰ পৰা কুফলো লাভ কৰিছে। সেয়া হৈছে তেওঁৰ পৰিয়ালে এই অভ্যাসক ভাল চকুৰে নাচায়।

আনকি ইয়াৰ ফলত তেওঁৰ ভগ্নীয়ে হেৰীৰ লগত সম্পৰ্কই ত্যাগ কৰি পেলাইছে। তেওঁৰ মাক-দেউতাকেও এইধৰণৰ কুৎসিত অভ্যাস এৰিবলৈ হেৰীক সকীয়াই আহিছে। তৎসত্বেও কোনোধৰণৰ বাধা-বিঘিনি নামানি একানপতীয়াকৈ হেৰীয়ে নিজৰ মূত্ৰ পান কৰি গৈছে।

দ্যা নিউয়ৰ্ক প’ষ্টত উক্ত বাতৰিটো প্ৰকাশ পোৱাৰ পাছতে তীব্ৰ চৰ্চালাভ কৰিছে। চিকিৎসাবিজ্ঞানীসকলৰ মতে, নিজৰ মূত্ৰক এনেদৰে ব্যৱহাৰ কৰাটো শৰীৰৰ বাবে সুফলদায়ক নহয়, বৰঞ্চ অত্যন্ত ক্ষতিকাৰকহে। ইয়াৰ ফলত শৰীৰত বেক্টেৰিয়াৰ বাহ হ’ব পাৰে।