যুদ্ধৰ খৱৰ! খেৰছনত ৰাছিয়াৰ সেনাৰ ওপৰত প্ৰত্যাক্ৰমণ চলাইছে ইউক্ৰেইনৰ বাহিনীয়ে

ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ অধিকৃত দক্ষিণ অঞ্চল খেৰচন পুনৰ দখল কৰিবলৈ ৰাছিয়াৰ সেনা-বাহিনীৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে।

চাউডাৰ্ন সামৰিক কমাণ্ডৰ এজন মুখপাত্ৰৰ উদ্ধৃতি দি সোমবাৰে এই বাতৰি প্ৰকাশ কৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যম আল-জাজিৰাই।

চাউডাৰ্ন কমাণ্ডৰ মুখপাত্ৰ নাটালিয়া হুমেনিউকে ইউক্ৰেইনৰ সংবাদ মাধ্যম চাস্পিলেনক কয়, “আজি আমি খেৰচনকে ধৰি বিভিন্ন দিশত আমাৰ আক্ৰমণ আৰম্ভ কৰিছো।” তেওঁ অৱশ্যে প্ৰত্যাক্ৰমণৰ বিশদ জনাবলৈ অস্বীকাৰ কৰে।

মুখপাত্ৰ নাটালিয়াই কয় যে শেহতীয়াকৈ দক্ষিণত ৰাছিয়াৰ সেনাৰ লজিষ্টিক আৰু অৱস্থানৰ ওপৰত ইউক্ৰেইনৰ সেনাৰ আক্ৰমণে “কোনো সন্দেহ নাই ৰাছিয়াৰ সেনাৰ স্থিতি দুৰ্বল কৰি তুলিছে”। ‘

তেওঁ কয় যে ইউক্ৰেইনৰ সেন্যই যোৱা সপ্তাহত ১০ টাতকৈও অধিক ৰাছিয়াৰ অস্ত্ৰাগাৰত সফলতাৰে আক্ৰমণ কৰিছিল।

লগতে পঢ়ক: ইৰাকী নেতাৰ ৰাজনীতি ত্যাগ: ৰাষ্ট্ৰপতিৰ প্ৰাসাদত প্ৰতিবাদকাৰী-সমৰ্থকৰ তাণ্ডৱ; দেশজুৰি জাৰি কাৰফিউ

ৰাছিয়াই এই বছৰৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰিছিল। ৰাছিয়াৰ বাহিনীয়ে অভিযানটোত ইউক্ৰেইনৰ কেইবাটাও অঞ্চল দখল কৰিছে।

শেহতীয়াকৈ ইউক্ৰেইনৰ সেনা বাহিনীয়ে ৰাছিয়া অধিকৃত অঞ্চলসমূহ পুনৰুদ্ধাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে।