মোদীৰ বাবেই বন্ধ হৈছিল ৰুছ-ইউক্ৰেইন যুদ্ধ! মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

Russia Ukraine war Narendra Modi

এতিয়াও অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। এই প্ৰাণনাশী যুদ্ধই দুটা বছৰ সম্পূৰ্ণ কৰাৰ দিশে। যুদ্ধৰ এই বিভীষিকাময় পৰিস্থিতিৰ মাজতে ভাৰতৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৰিছে এক বিশেষ মন্তব্য।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ভাষ্য মতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে সাময়িকভাৱে বন্ধ হৈছিল ৰুছ-ইউক্ৰেইন যুদ্ধ। অৱশ্যে ৰাজনাথ সিঙে নিজৰ মন্তব্যৰ আঁৰৰ কাৰণো বাখ্যা কৰে।

লণ্ডনত এক নাগৰিক অভ্যৰ্থনা অনুষ্ঠানত বক্তব্য ৰাখি যুদ্ধৰ সময়ত ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উলিয়াই অনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে ৰাজনাথ সিঙে।

তেওঁ উল্লেখ কৰা মতে, আৱদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক দেশখনৰ পৰা উলিয়াই অনাৰ বাবে এক নিৰাপদ পথৰ ব্যৱস্থা কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া আৰু ইউক্ৰেইন উভয়ৰে নেতাৰ সৈতে আলোচনাত মিলিত হয়।

মোদীৰ এই কূটনৈতিক প্ৰচেষ্টাৰ ফলতে চাৰি-পাঁচ ঘণ্টাৰ বাবে যুদ্ধত স্থবিৰতা আহি পৰিছিল বু্লি ৰাজনাথ সিঙে মন্তব্য কৰে। তেওঁ কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইউক্ৰেইনত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃ চিন্তিত হৈ পৰিছিল।

কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে এই ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব নিজৰ ওপৰত লৈছিল আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে যোগাযোগ কৰিছিল বুলি সিঙে উল্লেখ কৰে।

ৰাজনাথ সিঙৰ মতে, মোদীৰ এই প্ৰচেষ্টাত চাৰি-পাঁচ ঘণ্টা ধৰি যুদ্ধ বন্ধ কৰি দিয়া হৈছিল, যাৰ ফলত ইউক্ৰেইনৰ পৰা ২২,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক নিৰাপদে উলিয়াই অনাৰ সুবিধা হৈছিল।