NORTHEAST NOW (Assamese)

ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰে সংবাদ মাধ্যমলৈ বিবৃতি আলফা (স্বাধীন)ৰ

January 26, 2020 3:40 pm · এন ই নাও নিউজ
Updated: January 26, 2020 3:42 pm

গণৰাজ্য দিৱসত উজনি অসমত ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিৰ জৰিয়তে আলফা (স্বা:)ৰ প্ৰচাৰ বিভাগৰ হৈ লেফটেনেণ্ট জয় অসমে সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে আজি উজনি অসমৰ ডিব্ৰুগড়, দুলীয়াজান, সোণাৰি আৰু ডুমডুমাত বোমা বিস্ফোৰণৰ ঘটোৱা বুলি জানিবলৈ দিছে।

স্বাধীন অসমৰ দাবীত অতল থাকি সশস্ত্ৰ কাৰ্য্যকলাপ চলাই অহা বিদ্ৰোহী সংগঠনটোৰ বিবৃতিটোত কোৱা হয়, “আজি ইং ২৬ জানুৱাৰি, ২০২০ ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ তথাকথিত গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত পুৱা ৮ বজাৰ পৰা অসমৰ তিনিখন জিলাত ধাৰাবাহিকভাৱে হোৱা বোমা বিস্ফোৰণ “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)”ৰ অধীনস্থ “সংযুক্ত মুক্তি ফৌজ, অসম (স্বাধীন)”ৰ সেনানীৰ দ্বাৰা সংঘটিত কৰা হৈছিল।”

আজি কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত গণৰাজ্য দিৱসৰ দিনটোতে পুৱাৰ ভাগত ৰাজ্যখনত ৫টা বিস্ফোৰণ সংঘটিত হয়।

ডিব্ৰুগড়ত দুটা আৰু দুলীয়াজান, সোণাৰি আৰু ডুমডুমাত একোটাকৈ বোমা বিস্ফোৰণ হয়।

কম ক্ষমতা সম্পন্ন বোমাকেইটাৰ বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও ই ৰাজ্যত আলফা (স্বা:)ৰ শক্তি পুনৰ সক্ৰিয় হৈ উঠাৰ উমান দিছে।

আনহাতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বোমা বিস্ফোৰণ ঘটোৱাক তীব্ৰ গৰিহণা দি ইয়াক কাপুৰুষালি আখ্যা দিছে।

Related News