• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেঙেৰীত সেনাৰ কনভয় আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা (স্বাধীন)ৰ: আক্ৰমণক ‘অপাৰেচন লখিপথাৰ’ আখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2022 10:59 am
ULFA (I)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে পুৱা তিনিচুকীয়াত ভাৰতীয় সেনাৰ কনভয়ত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম, চমুকৈ আলফা (স্বাধীন)- এ। এই আক্ৰমণক বিদ্ৰোহী সংগঠনটোৱে ‘অপাৰেচন লখিপথাৰ’ হিচাপে অভিহিত কৰিছে।

এক বিবৃতি যোগে আলফা (স্বাধীন)- এ ভাৰতীয় সেনাৰ ১৮ নং গাৰোৱাল ৰেজিমেন্টৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানত সেনাৰ এখন বোমা প্ৰতিৰোধী বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহুকেইগৰাকী সেনা জোৱান আহত হোৱা বুলি দাবী কৰিছে।

সেনাৰ ব্যৰ্থতাৰ এই মুখলজ্জা ঢাকিবৰ বাবে তাৎক্ষণিকভাৱে ক্ষতিগ্ৰস্ত বাহনখন আঁতৰাই নিয়াৰ লগতে আহত সেনা জোৱান কেইজনক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰি সাংবাদিক সকলক ঘটনাস্থলীত প্ৰৱেশত বাধা দিয়ে বুলিও সংগঠনটোৱে লগতে দাবী কৰিছে।

সাংবাদিক সকলক ঘটনাস্থলীলৈ যাবলৈ নিদিয়াৰ পৰিপ্ৰেক্ষিতত প্ৰকৃত তথ্য লাভৰ পৰা বঞ্চিত হয় যদিও ঘটনাস্থলীত থকা তেজৰ চেকুৰাই সেনা জোৱান সকল আহত হোৱাৰ প্ৰমাণ দিয়ে বুলিও বিবৃতিটোত দাবী কৰিছে আলফা (স্বাধীন)- এ।

অহা ২৮ নৱেম্বৰত সংগঠনটোৱে পালন কৰিবলগীয়া “প্রতিবাদ দিৱস”ৰ লগত সঙ্গতি ৰাখিয়েই ভাৰতীয় সেনাৰ বিৰুদ্ধে উক্ত সামৰিক অভিযান চলোৱা হয় বুলি আলফা (স্বাধীন)- এ লগতে কয়।

উল্লেখ্য যে কালি পুৱা ৮ বজাত তিনিচুকীয়া জিলাৰ ডিগবৈ-পেঙেৰী অঞ্চলৰ বৰপথাৰত সেনাৰ কনভয়টোৰ ওপৰত এক ভয়াৱহ আক্ৰমণ সংঘটিত হৈছিল। প্ৰতিৰক্ষা পিআৰঅ’ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে গুৱাহাটীত এই আক্ৰমণৰ বিষয়ে সদৰী কৰিছিল।

সেনা বিষয়া গৰাকীয়ে সেনাৰ দলটোৱে লগে লগে প্ৰতি আক্ৰমণ কৰাৰ ফলত আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি দাবী কৰাৰ লগতে এই আক্ৰমণত কোনো লোক সেনা জোৱানৰ হতাহত হোৱা নাই বুলি মন্তব্য কৰিছিল।

সেই মুহূৰ্তলৈকে আক্ৰমণৰ আঁৰত থকা উগ্ৰপন্থী দলটোক চিনাক্ত কৰিব পৰা নাছিল যদিও আৰক্ষীয়ে আক্ৰমণত আলফা (স্বাধীন) জড়িত থকাৰ সন্দেহ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm
‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

August 20, 2025 3:49 pm
চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

August 20, 2025 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd