ড০ গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ : গৰজি উঠিল আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

Paresh_Baruah

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা। ফাইল ফটো

ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰাক লৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰী সোণোৱালক কঠোৰভাৱে সকীয়াই দি বৰুৱাই মন্তব্য কৰে যে মুখ্য মন্ত্ৰীয়ে এনে জাতিদ্ৰোহী কামৰ পৰা বিৰত থাকক, অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু হওক।

জাতিৰ হৈ মাত মতা বিশিষ্ট নাগৰিকৰ বিৰুদ্ধে গোচৰ কিয় বুলি প্ৰশ্ন কৰি নিষিদ্ধ সংগঠনটোৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে সসন্মানে গোচৰটো উঠাই লোৱাৰ দাবী কৰাৰ লগতে ইয়াৰ পৰিণাম বেয়া হ’ব বুলি সকীয়াই দিয়ে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছে। চৰকাৰ হৈ লতাশিল থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। বিশিষ্ট চিন্তাবিদ তথা বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ বিভিন্ন ধাৰাৰ জৰিয়তে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ তোলা হৈছে।

ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/২১২/১২৩/১২৪(A) ধাৰাৰ অধীনত ১৫/২০১৯ নম্বৰত বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে।

যোৱা ৭ জানুৱাৰিত লতাশিলৰ এখন প্ৰতিবাদী সভাখনত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি ড০ গোহাঁয়ে কৈছিল যে যদি ভাৰত চৰকাৰ তথা অসম চৰকাৰে অসমৰ জনসাধাৰণৰ কথা নুশুনে, তেতিয়াহ’লে অসমৰ জনসাধাৰণে ‘স্বাধীনতা’ বিচাৰিব।