ওদালগুৰিৰ হৰিশিঙা ৰেইল ষ্টেশ্যনৰ বোমা বিস্ফোৰণৰ ঘটনাক আলফা স্বাধীনৰ গৰিহনা

The-train-750x375

শনিবাৰে সন্ধিয়া কামাখ্যা ষ্টেইশ্যনৰ পৰা ডেকাৰগাঁও অভিমুখে গৈ থকা ১৫৮১৫ নম্বৰৰ ইণ্টাৰচিটি এক্সপ্ৰেছত সন্ধিয়া ৭ বজাত হৰিশিঙা ষ্টেইশ্যনৰ ওচৰত এটা দবাত বিস্ফোৰণৰ ফলত তিনিজন লোক আহত হোৱাৰ ঘটনাক আলফা স্বাধীনে গৰিহনা দিছে। আনহাতে, উক্ত ঘটনাৰ লগত সংগঠনটো জড়িত নহয় বুলি সদৰী কৰিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ পত্ৰখন।

আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন পত্ৰত উক্ত বিস্ফোৰণৰ ঘটনাক সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)এ গৰিহনাৰ দিয়াৰ লগতে এই ঘটনাৰ লগত সংগঠনটো কোনোপধ্যে জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে। পত্ৰখনত লগতে বিস্ফোৰণত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে।

পত্ৰখনত লগতে ‘’অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনত তথা বিজেপি –আৰএছএছৰ উদ্যোগত ৰাজনৈতিক মুনাফা আদায়ৰ বাবে অসম সাম্প্ৰদায়িক, ধৰ্মীয় তথা গোষ্ঠীগত মেৰু বিভাজনৰ এক অভিসন্ধি চলাৰ’’ অভিযোগ উত্থাপন কৰা হৈছে।

তদুপৰি, ‘’অনাগত দিনত এই মেৰু বিভাজনৰ সহায়ক হোৱাকৈ অসমত চৰকাৰী পৃষ্ঠপোষকতাত চলা কাণ্ড বা কালিৰ বোমা বিস্ফোৰণৰ দৰে ঘটনাঅধিক সংঘটিত হোৱাৰ সম্ভাৱনা আছে’’ বুলিও পত্ৰখনত উল্লেখ কৰিছে।

আনহাতে, অসমৰ ‘থলগিৰি’ ৰাইজক অধিক সজাগ হৈ এই সাম্প্ৰদায়িক শক্তিসমূহক প্ৰতিৰোধ কৰাৰ বাবে আলফা স্বাধীনে পত্ৰখনৰ জৰিয়তে আহ্বান জনাইছে।