ভাৰতীয় আদালত নহয়, আলফা (স্বাধীন)ৰ নিজৰে সদস্যৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

ulfa-paresh-abhijit

আলফাৰ সেনাধিনায়ক (বাওঁফালে) আৰু সৰ্বাধিনায়ক। ফাইল ফটো।

ভাৰতীয় আদালতে নহয়, আলফা (স্বাধীন) সদস্য ভাস্কৰ বড়া ওৰফে থাউ মুং অসমৰ বিৰুদ্ধে বৃহস্পতিবাৰে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰিছে এইবাৰ খোদ সংগঠনটোৱেই।

“ভাৰতীয় দখলদাৰী বাহিনীৰ চোৰাংচোৱাৰ সৈতে গোপন বুজাবুজিৰে সংগঠনৰ বৃহৎ ক্ষতি কৰিবলে ষড়যন্ত্ৰ কৰা, সংগঠনৰ সদস্যক ভাৰতীয় দখলদাৰী বাহিনীৰ হাতত বুজাবুজিৰে গতাই দিয়া, কৰ্তৃত্বহীনভাৱে সংগঠনৰ নামত দখলদাৰী বাহিনীৰ সৈতে মিলি ধন সংগ্ৰহ কৰা আদি কেইবাটাও সংগঠন বিৰোধী গুৰুতৰ অভিযোগত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ অধীনস্থ সংযুক্ত মুক্তি ফৌজ, অসম (স্বাধীন)ৰ অন্তৰ্গত ইষ্টাৰ্ন কমান্দৰ সদস্য লে. থাউ মুঙ অসম ওৰফে ভাস্কৰ বড়াৰ বিৰুদ্ধত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ তৰফৰ পৰা গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰা হৈছে,” আলফা (স্বাঃ)ৰ হৈ এই বিবৃতি প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমৰ।

সদস্যজনৰ সৈতে কোনো ধৰণৰ বিত্তীয় বা সাংগঠনিক যোগাযোগ নাৰাখিবৰ বাবেও বিদ্ৰোহী সংগঠনটোৱে আহ্বান জনাইছে।

মুং অসমক পূৰ্বেও ‘সকীয়নি ও বুজনি’ আৰু ‘বৃ্হত্তৰ স্বাৰ্থত সংশোধন’ৰ সুযোগ দিয়া সত্ত্বেও অপৰাধ কৰি যোৱাৰ বাবে এই কঠোৰ সিদ্ধান্ত ল’বলৈ ‘বাধ্য’ হোৱা বুলি সদৰী কৰিছে সংগঠনটোৱে।