তিনিচুকীয়াত আলফা (স্বাধীন)ৰ লিংকমেন আটক, বিস্ফোৰক জব্দ

handcuffs2mgn30-1140x570

প্ৰতিনিধিত্বমূলক ফটো

সেনা-আৰক্ষীৰ যৌথ অভিযানত তিনিচুকীয়া জিলাত দেওবাৰে নিশা বিস্ফোৰকসহ এজন সংযুক্ত মুক্তি বাহিনী, অসমৰ (আলফা-স্বা:) লিংকমেনক আটক কৰা হয়।

এক বিশেষ সূত্ৰৰ পৰা এক আই ই ডি/ বিস্ফোৰক সহ আলফা-স্বাধীনৰ লিংকমেনজনৰ উপস্থিতিৰ খৱৰ লাভ কৰাৰ পাছত যৌথ অভিযানটো চলোৱা হৈছিল। অভিযানটো টঙনা আৰক্ষী থানাৰ অন্তৰ্গত চেঙাপথাৰৰ অঞ্চলত চলোৱা হৈছিল।

তিনিচুকীয়া আৰক্ষীয়ে কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ৬৮ নং বেটেলিয়ন, তিনিচুকীয়া জিলাৰ ১নং শিৱিৰৰ কোব্ৰা দলৰ ২১০ নং বেটেলিয়ন আৰু ২৩ নং পাঞ্জাৱ ৰেজিমেন্টৰ সহযোগত এই যৌথ অভিযানটো চলাইছিল।

‘’সন্দেহযুক্ত গৃহটোত তালাচী অভিযান চলোৱাৰ সময়ত দেওবাৰে গধূলি প্ৰায়  ৭-৪৫ বজাত আলফা-স্বাধীনৰ লিংকমেনজনক আটক কৰা হয়,’’ –চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে।

আটকাধীন আলফা-স্বাধীনৰ লিংকমেনজনক তিনিচুকীয়া জিলাৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত চেঙাপথাৰ গাঁৱৰ ভংগেশ্বৰ নেওগৰ পুত্ৰ ৰিদিপ নেওগ (৩৬) ওৰফে ৰন্টু বুলি চিনাক্ত কৰা হৈছে।

যৌথ অভিযানটোত লগতে ২৫০ গ্ৰাম ওজনৰ দুডাল পি ই কে ষ্টিক, দুটা তাঁৰযুক্ত ইলেকট্ৰনিক ডিটনেটৰ, এটা ১২ ভি-৫এ বেটাৰী আৰু ৪টা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰা হয়।